অসম

assam

ETV Bharat / state

গোলাঘাটৰ নুমলীগড়ত বন্যহস্তীৰ তাণ্ডৱ - গোলাঘাটৰ নুমলীগড়ত বাতৰি

অসম বিধানসভাৰ প্ৰতিবেদন অনুসৰি 2017-2018 হাতীৰ আক্ৰমণত 1,021 টা পৰিয়াল আৰু 2018-2019ত 2,034 টা পৰিয়াল ক্ষতিগ্ৰস্থ হৈছে ৷ হাতীৰ আক্ৰমণত সৰ্বাধিক চাহ বাগিছা আৰু জনজাতীয় অঞ্চল সমূহ ক্ষতিগ্ৰস্থ হৈছে ৷ ইয়াৰ ভিতৰত শোণিতপুৰ, ওদালগুৰি, বাক্সা, গোলাঘাট, নগাঁও, গোৱালপাৰাত আৰু কাৰ্বি আংলঙত সৰ্বাধিক লোক হাতীৰ আক্ৰমণৰ বলি হৈছে ৷

গোলাঘাটৰ নুমলীগড়ত বন্যহস্তীৰ তাণ্ডৱ

By

Published : Oct 30, 2019, 3:15 PM IST

গোলাঘাট, 30 অক্টোবৰঃ গোলাঘাটৰ নুমলীগড়ত বন্যহস্তীৰ তাণ্ডৱ । দিনৰ ভাগতে অব্যাহত আছে জাক জাক বন্যহস্তীৰ মুক্ত বিচৰণ । আতংকিত গাঁওবাসী ৷ পকিবলৈ ধৰা ধান ডৰা এতিয়া বন্যহস্তীৰ কৱলত ৷

এটা ১০০/১৫০ জনীয়া পোৱালী সহ বৃহৎ বন্যহস্তীৰ জাকে দীর্ঘদিনে নুমলীগড়ৰ বিভিন্ন অঞ্চলত অব্যাহত ৰাখিছে উপদ্ৰৱ । হাতীৰ উপদ্ৰৱে নিদ্ৰা হৰিছে সমগ্ৰ অঞ্চলটোৰ গাঁওবাসী। আজিও এনেদৰে নিশাৰ পৰা দিনৰ ভাগলৈকে হাতীৰ এই বৃহৎ জাকটোৱেও ধলাগুৰি, মৰঙী পথাৰ ,মুৰফুলনী পথাৰত হাতীয়ে তহিলং কৰিলে শ শ বিঘা ধাননি পথাৰ । বহু চেষ্টা কৰিও স্থানীয় লোক সকলে পথাৰৰ পৰা আঁতৰাই পঠাব পৰা নাই হাতীৰ জকটোক ।

পকিবলৈ ধৰা ধান ডৰা এতিয়া বন্যহস্তীৰ কৱলত

উল্লেখ্য যে, উজনি অসমৰ বিভিন্ন অঞ্চলত দিনে দিনে বৃদ্ধি পাইছে হাতীৰ সন্ত্ৰাস ৷ কিন্তু এই ক্ষেত্ৰত কোনো বিজ্ঞানসন্মত সমাধান সূত্ৰ বিচাৰি উলিয়াবলৈ বিফল হৈছে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ ৷

ডুমডুমাৰ চামডাংত বন্যহস্তীৰ তাণ্ডৱ

অসম বিধানসভাৰ প্ৰতিবেদন অনুসৰি 2017-2018 হাতীৰ আক্ৰমণত 1,021 টা পৰিয়াল আৰু 2018-2019ত 2,034 টা পৰিয়াল ক্ষতিগ্ৰস্থ হৈছে ৷ হাতীৰ আক্ৰমণত সৰ্বাধিক চাহ বাগিছা আৰু জনজাতীয় অঞ্চল সমূহ ক্ষতিগ্ৰস্থ হৈছে ৷ ইয়াৰ ভিতৰত শোণিতপুৰ, ওদালগুৰি, বাক্সা, গোলাঘাট, নগাঁও, গোৱালপাৰাত আৰু কাৰ্বি আংলঙত সৰ্বাধিক লোক হাতীৰ আক্ৰমণৰ বলি হৈছে ৷

ABOUT THE AUTHOR

...view details