গোলাঘাট, 11 আগষ্ট : গোলাঘাট জিলাৰ নুমলীগড়ত দিনে নিশাই অব্যাহত আছে জাক-জাক বন্যহস্তীৰ ত্ৰাস। সোমবাৰে নিশা নুমলীগড়ৰ ভিন্ন স্থানত পৃথকে পৃথকে উপদ্ৰৱ চলাই বন্যহস্তীয়ে। নুমলীগড় চাহ বাগিচাৰ বৰ মহৰীপথাৰ লাইন আৰু পুৰাজংঘল অঞ্চলতো হাতীয়ে উপদ্ৰৱ চলাই নিশাটোৰ ভিতৰতে ভাঙিলে কেইবাটাও বাসগৃহ, ব্যৱসায়ী প্ৰতিষ্ঠান। নিশা খাদ্যৰ সন্ধানত উলাই অহা এটা বৃহৎ হাতীৰ জাকে বাগিচাৰ বৰ মহৰী পথাৰ লাইনত কেইবাটাও বাসগৃহ ভাঙি চুৰ-মাৰ কৰাৰ লগতে ভাঙি লণ্ড-ভণ্ড কৰে এখন ব্যৱসায়ী প্ৰতিষ্ঠান।
নুমলীগড়ত হাতী মানুহৰ সংঘাত - নুমলীগড় চাহ বাগিচা
গোলাঘাটৰ নুমলীগড়ত ভয়ংকৰ হৈ পৰিছে হাতী মানুহৰ সংঘাত । নিশাটোৰ ভিতৰতে ভাঙিলে কেইবাটাও বাসগৃহ, ব্যৱসায়ী প্ৰতিষ্ঠান। বিনিদ্ৰ ৰজনী কটাইছে ৰাইজে।
![নুমলীগড়ত হাতী মানুহৰ সংঘাত man elephant conflict at golaghat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8379928-thumbnail-3x2-golght.jpg)
নুমলীগড়ত হাতী মানুহৰ সংঘাত
নুমলীগড়ত হাতী মানুহৰ সংঘাত
ইফালে দিনটো চাহ বাগিচাত আশ্ৰয় লৈ থাকি নিশা খাদ্য সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰে পোৱালী সহ বৃহৎ হাতীৰ জাকটোৱে। ইফালে বন বিভাগক খবৰ দিলেও হাতী খেদিবলৈ নহাৰ অভিযোগ স্থানীয় লোকৰ ।
লগতে পঢ়ক: নাগ্ৰীজুলিৰ চাহ বাগিচাত আদিবাসী চানতালী গীতৰ শ্বুটিং