অসম

assam

ETV Bharat / state

গোলাঘাটত বন্যহস্তীৰ সন্ত্ৰাস - নুমলীগড়

দিনকদিনে ৰাজ্যত বৃদ্ধি পাইছে হাতী-মানৱৰ সংঘাত ৷ নিশাৰ অন্ধকাৰৰ বিপৰীতে দিনৰ পোহৰতে জনাঞ্চললৈ আহি হাতীৰ জাকে উপদ্ৰৱ চলায় গোলাঘাটৰ সুন্দৰপুৰ অঞ্চলত ৷

Man Elephant Conflict at golaghat assam etv bharat news
বন্যহস্তীৰ সন্ত্ৰাস

By

Published : Jun 3, 2020, 1:27 PM IST

গোলাঘাট,3 জুন:গোলাঘাট জিলাত ক্ৰমাৎ বৃদ্ধি হৈছে হাতীৰ উপদ্ৰৱ ৷ জিলাখনৰ সুন্দৰপুৰ অঞ্চলত বুধবাৰৰ পুৱা এটা বন্যহস্তীৰ দলে খাদ্যৰ সন্ধানত আহি ত্ৰাসৰ সৃষ্টি কৰে ৷ বিগত কেইবাদিনো ধৰি নুমলীগড়ৰ বকিয়াল, ৰংবং, চফেলা, বগীঢলা আদি বিভিন্ন অঞ্চলত বন্যহস্তীৰ জাকটোৱে চলাই আহিছে উপদ্ৰৱ ৷ জাকটোৱে অধিকাংশ পৰিয়ালৰ বাসগৃহৰ লগতে শস্যৰ ক্ষতিসাধন কৰে ৷

বন্যহস্তীৰ সন্ত্ৰাস

ইফালে, হাতীৰ জাকটোক যিমানে খেদি পঠিয়াবলৈ ৰাইজে চেষ্টা কৰিছে সিমানে উভতি ধৰিছে ৷ ফলত সৃষ্টি হৈছে হস্তী-মানৱৰ সংঘাত ৷ মূলতঃ খাদ্যৰ অভাৱত বনাঞ্চলৰ পৰা জাকে জাকে আহি বন্যহস্তীয়ে প্ৰৱেশ কৰিছে জনাঞ্চলত ৷

লগতে চাওকঃঅসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন ৰোগীৰ দেহত ক'ভিড-19

ABOUT THE AUTHOR

...view details