অসম

assam

ETV Bharat / state

আকৌ আহিল ভোগৰ ভোগালী, নৰা কটাত ব্যস্ত গঞা ৰাইজ - আকৌ আহিল ভোগৰ ভোগালী

আকৌ আহিল ভোগৰ ভোগালী ৷ ভোগালীক আদৰিবলৈ প্ৰস্তুতি চলাইছে ৰাজ্যবাসীয়ে (Magh bihu preparation starts) ৷ উজনীৰ পৰা নামনিলৈ চহা কৃষকক দেখা গৈছে এতিয়া হাতে হাতে কাচি, দা লৈ পথাৰত নৰা আৰু বাৰীৰ ঢাপৰ বাঁহ কটাত ৷

Meji prepartion for Bhogali bihu
আকৌ আহিল ভোগৰ ভোগালী

By

Published : Dec 17, 2021, 5:57 PM IST

সৰুপথাৰ/মাজুলী, 17 ডিচেম্বৰ : আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি ৷ কুঁৱলী সনা আঘোণৰ পাচতে পুহ আৰু পুহৰ সংক্ৰান্তিতেই অসমীয়াই পালন কৰে ভোগৰ উৎসৱ ভোগালী বিহু ৷ আঘোণ বাগৰি পুহ সোমাবৰ হ’ল, ব্যস্ততাৰ সীমা নাই চহা কৃষকৰ ৷

কিন্তু ব্যস্ততাৰ মাজতেই সোণোৱালী পথাৰৰ নৰা আৰু বাৰীৰ ঢাপৰ বাঁহ কাটি বৰ্নিল ভেলাঘৰ সাজিবলৈ প্ৰস্তুতি চলাইছে ৰাজ্যৰ দপথাৰবাসী ৰাইজে ৷ বিগত প্ৰায় দুবছৰে ৰাইজে বহুল ভাৱে আয়োজন কৰিব পৰা নাই ভোগালী বিহু । সেয়ে ঐক্য সম্প্ৰীতিৰ এনাজৰীৰে জাতি, বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজৰ সহযোগত গোলাঘাট জিলাৰ বৰপথাৰ মৌজাৰ অন্তৰ্গত দপথাৰ বাসী ৰাইজ এইবাৰ সাজু হৈছে ভোগালী বিহু উদযাপন(Bhogali Bihu Celebration)ৰ বাবে ।

আকৌ আহিল ভোগৰ ভোগালী, নৰা কটাত ব্যস্ত গঞা ৰাইজ

এইবাৰ যদিও খৰাঙৰ বাবে গাঁওবাসীৰ পথাৰ সমূহত নহ'ল ধান, তথাপি অঞ্চলটোৰ সকলো পুৰুষ মহিলাই হাতে হাতে কাঁচি, দালৈ ওলাই আহিল মেজিৰ বাবে খৰি আৰু ভেলাঘৰ প্ৰস্তুতৰ বাবে নৰা কাটিবলৈ । পথাৰত খৰাঙৰ বাবে ধান নোহোৱাৰ বাবে অভাৱ হৈছে নৰাৰ ৷ তথাপি অঞ্চলটোৰ বিভিন্ন জাতি-জনজাতি বোৱাৰী, গাভৰু সকলে সম্প্ৰীতিৰ এনাজৰীৰে বিহু গীতত নৃত্য কৰি কৰি নৰা কটা দেখা গৈছে ।

কেৱল দ-পথাৰেই নহয়, ভোগৰ উৎসৱ ভোগালীক আদৰিৱলৈ মাজুলীতো চলিছে ব্যাপক প্ৰস্তুতি ৷ ভেলাঘৰ সাজিবলৈ পথাৰৰ নৰা কাটিবলৈ ওলাই আহিল নামনি মাজুলী চিলাকলা গাঁৱৰ শতাধিক যুৱক-যুৱতী, পুৰুষ মহিলা । বিগত বৰ্ষ সমূহৰ দৰে এই বছৰো দৃষ্টিনন্দন আৰু আটকধুনীয়া ভেলা ঘৰ নিৰ্মাণ কৰি ৰাজ্যবাসীৰ দৃষ্টি আৰ্কষণ কৰিবলৈ পুনৰবাৰ সাজু হৈছে মাজুলী চিলাকলা গাঁৱৰ যুৱক-যুৱতীৰ লগতে পুৰুষ-মহিলা সকল । যাৰ বাবে মাজুলীৰ চিলাকলা গাঁৱৰ শতাধিক যুৱক-যুৱতীক দেখা গ’ল পথাৰত নৰা কটা ৷

এয়াই চহা জীৱনৰ মাদকতা ৷ এয়াই পৰিচয় অসমীয়া জাতিৰ ৷ কাল কৰ’ণাৰ ত্ৰাসৰ মাজতো অসমীয়াৰ পৰিচয় বজাই ৰাখিবলৈ প্ৰয়াস চহা অসমীয়াৰ ৷

লগতে পঢ়ক :পুৱাৰ আনন্দ বিলাই ফুৰা এগৰাকী বিশেষ যুৱতী

ABOUT THE AUTHOR

...view details