অসম

assam

By

Published : Aug 13, 2020, 6:48 PM IST

ETV Bharat / state

এবছৰ সম্পূৰ্ণ নহওতেই বানত উটি গ'ল কোটি টকীয়া জিঅ' বেগৰ মথাউৰি

এবছৰ সম্পূৰ্ণ নহওতেই গোলাঘাট জিলাৰ নুমলীগড়ৰ এটা জিঅ' বেগ সংস্থাপন কৰি নিৰ্মাণ কৰা মথাউৰি উটি গ'ল বানত ৷ নিম্ন মানদণ্ডৰ কাম কৰাৰ বাবেই কোটি টকীয়া জিঅ' বেগ সমূহ বানে উটুৱাই নিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকৰ সমান্তৰালকৈ আছুই ৷

বানত উটি গ'ল কোটি টকীয়া জিঅ' বেগৰ মথাউৰি
বানত উটি গ'ল কোটি টকীয়া জিঅ' বেগৰ মথাউৰি

গোলাঘাট, 13 আগষ্ট:গোলাঘাট জিলাৰ নুমলীগড়ৰ বানাক্ৰান্তক সকাহ দিয়াৰ উদ্দেশ্যে এবছৰ পূৰ্বে সেই অঞ্চলত মথাউৰি নিৰ্মাণ কৰা হৈছিল জিঅ' বেগ সংস্থাপন কৰি ৷ কিন্তু এটা বৰ্ষ পূৰ নহওতেই বাৰিষাৰ বানত উটি গ'ল কোটি টকীয়া জিঅ' বেগ ৷ নিম্ন মানদণ্ডৰ কাম কৰাৰ বাবেই কোটি টকীয়া জিঅ' বেগ সমূহ বানে উটুৱাই নিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকৰ সমান্তৰালকৈ আছুৰ সদস্য সকলে ৷

এবছৰ সম্পূৰ্ণ নহওতেই বানত উটি গ'ল কোটি টকীয়া জিঅ' বেগৰ মথাউৰি

আছুৰ সহকাৰী সম্পাদক মনোৱাৰ হুছেইনে উল্লেখ কৰা অনুসৰি, আছুৰ তীব্ৰ প্ৰতিবাদৰ অন্তত 2018 বৰ্ষৰ 22 জুলাইত অসমৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ লগতে, স্থানীয় বিধায়ক আৰু মন্ত্ৰী অতুল বৰাৰ উপস্থিতত এক আলোচনা হৈছিল ৷ সেই আলোচনাত সেই অঞ্চলৰ বান-খহনীয়াৰ সমস্যা সমাধানৰ বিষয়ে উল্লেখ কৰিছিল ৷ তেওঁলোকৰ প্ৰতিশ্ৰুতি অনুসৰি পৰৱৰ্তী সময়ত সেই অঞ্চলত জিঅ' বেগ সংস্থাপন কৰি মথাউৰি নিৰ্মাণ কৰিছিল ৷ কিন্তু মথাউৰি নিৰ্মাণৰ কাম যেনেদৰে হ'ব লাগিছিল তেনেদৰে নহ'ল বুলি অভিযোগ কৰে ছাত্ৰ সন্থাই ৷ ছাত্ৰ সন্থাৰ অভিযোগ শাসনাধীস্থ চৰকাৰখনে ভিন্ন সময়ত জাতি, মাটি, ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে যদিও তেওঁলোকে উন্নয়নমূলক কাম কৰাত সফল হোৱা নাই ৷ অতি শীঘ্ৰেই অঞ্চলটোৰ বান সমস্যা সমাধানৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদমূলক কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি চৰকাৰক সকিয়াই দিয়ে ছাত্ৰ সংগঠনটোৱে ৷

লগতে পঢ়ক:আধাৰশিলা স্থাপন কৰিবলৈ অথন্তৰ বিধায়ক শিলাদিত্য দেৱৰ

ABOUT THE AUTHOR

...view details