অসম

assam

ETV Bharat / state

ছেমিফাইনেলত থমকি ৰ‘ল লাভলিনা বৰগোঁহাই

বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত পৰাজয়বৰণ গোলাঘাটৰ জীয়ৰী লাভলিনাৰ বৰগোঁহাইৰ ৷ 69 কিলোগ্ৰাম শাখাত চীনৰ য়াং লিওৰ হাতত ৩-২ ব্যৱধানত পৰাস্ত হয় লাভলিনা ৷

By

Published : Oct 12, 2019, 7:24 PM IST

ছেমিফাইনেলত থমকি ৰ‘ল লাভলিনা বৰগোঁহাই

স্পৰ্টছ ডেস্ক, 12 অক্টোবৰঃ অৱশেষত ৰাছিয়াত অনুষ্ঠিত হোৱা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত থমকি ৰ'ল অসম কণ্যা লাভলিনা বৰগোঁহাই । শনিবাৰে বিয়লি 5 বজাত অনুষ্ঠিত হোৱা 69 কিলোগ্ৰাম শাখাত বিৰোধী খেলুৱৈ চীনৰ য়াং লিওৰ হাতত 3-2 ব্যৱধানত পৰাস্ত হয় লাভলিনা । অৱশ্যে পৰাজয়বৰণ কৰিলেও ছেমিফাইনেলত প্ৰৱেশ কৰা সূত্ৰে লাভলিনা বৰগোঁহাইয়ে লাভ কৰিবলৈ সক্ষম হৈছিল ব্ৰঞ্জৰ পদক ৷ বক্সিং কেৰিয়াৰত লাভলিনাৰ এইটো হৈছে ধাৰাবাহিক তিনিটা পদক ৷

লাভলিনা বৰগোঁহাইৰ পৰাজয়ৰ পিতৃৰ প্ৰতিক্ৰিয়া

লাভলিনাৰ পৰাজয়ৰ পিচতেই বৰপথাৰস্থিত বাসগৃহত পৰিয়াল তথা গাওঁবাসীৰ মাজত দেখা পোৱা কিছু দুখ। মাত্ৰ এক পইণ্টৰ বাবেই পৰাজয়বৰণ কৰিবলগীয়া হয় প্ৰতিভাৱান ভাৰতীয় বক্সাৰগৰাকী । অনাগত দিনত ইয়াতকৈ সুন্দৰ খেল প্ৰদৰ্শন কৰিব বুলি আশা প্ৰকাশ কৰিছে পিতৃ টিকেন বৰগোঁহাইয়ে ।

ABOUT THE AUTHOR

...view details