অসম

assam

ETV Bharat / state

Tokyo Olympics : শুকুৰবাৰে ৰিঙত নামিব লাভলীনা বৰগোঁহাই - চীন

Tokyo Olympics ত লাভলীনা বৰগোঁহাইয়ে (lovlina borgohain) প্ৰতিপক্ষৰ চীনা খেলুৱৈ Chien-Nien-Chin ৰ বিৰুদ্ধে বক্সিং প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হ'ব শুকুৰবাৰে । ইয়াৰ সুবাদতে লাভলীনাৰ বাসগৃহত উপস্থিত হয় সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন ৷

শুকুৰবাৰে পুৱা টকীঅ’ অলিম্পিকৰ কোৱাটাৰ ফাইনেলত নামিব লাভলীনা বৰগোঁহাই
শুকুৰবাৰে পুৱা টকীঅ’ অলিম্পিকৰ কোৱাটাৰ ফাইনেলত নামিব লাভলীনা বৰগোঁহাই

By

Published : Jul 29, 2021, 9:31 PM IST

সৰুপথাৰ, 29 জুলাই : শুকুৰবাৰে পুৱা ৮ বাজি ৪৮ মিনিটত Tokyo Olympics ৰ ৰিঙত প্ৰতিদ্বন্দ্বীৰ মুখামুখি হ’ব অসম কন্যা লাভলীনা বৰগোঁহাই (lovlina borgohain) ৷ প্ৰতিপক্ষৰ চীনা মহিলা বক্সাৰ Chien-Nien-Chin ৰ লগত বক্সিং প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলত মুখামুখি হ'ব অসমৰ জীয়ৰীগৰাকী । অলিম্পিকৰ উক্ত খেলখনত লাভভলীনা বৰগোঁহাইয়ে প্ৰতিপক্ষক পৰাভূত কৰিব পাৰিলেই টকিঅ' অলিম্পিকত পদক জয় নিশ্চিত হ’ব ৷ চীনৰ প্ৰতিপক্ষ যদিও শক্তিশালী, কিন্তু এইবাৰ লাভলীনাই পূৰ্বৰ প্ৰতিশোধ পূৰণ কৰিব বুলি সকলোৱে আশা কৰিছে ।

ইফালে অসম গৌৰৱ লাভলীনা বৰগোঁহাই কোৱাৰ্টাৰ ফাইনেলৰ বক্সিং ৰিঙত নামিবলৈ আৰু কেইটামান ঘণ্টা বাকী থকা অৱস্থাতে সকলোৱে লাভলীনাৰ জয়ৰ বাবে প্ৰাৰ্থনা, পূজা, মহকুমাটোৰ বিভিন্ন স্থানত দেৱাল অংকন, চাইকেল ৰেলীৰে উৎসাহ জনাইছে ৷ সকলোৱে একেমুখে লাভলীনা অলিম্পিকত জয়ী হৈ পদক অৰ্জন কৰি ভাৰতৰ লগতে অসমৰ সুনাম কঢ়িয়াবলৈ সক্ষম হ'ব বুলি আশাৰে বাট চাই ৰৈছে ৷ তাৰ মাজতে অসম গৌৰৱ তথা ৰাজ্যৰ প্ৰথমগৰাকী মহিলা অলিম্পিয়ান লাভলীনাৰ বাসগৃহত বুধবাৰে উপস্থিত হয় ৯৪ নং সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন (biswajit phukan)।

গোলাঘাট জিলাৰ বৰপথাৰ মৌজাৰ বাৰমুখীয়া গাঁৱস্থিত লাভলীনা বৰগোঁহাইৰ বাসগৃহত বিধায়কগৰাকী উপস্থিত হৈ লাভলীনাৰ পিতৃ-মাতৃক শুভেচ্ছা জনায় ৷

শুকুৰবাৰে ৰিঙত নামিব লাভলীনা বৰগোঁহাই

ইপিনে বিধায়কগৰাকীয়ে শীঘ্ৰে লাভলীনা বৰগোঁহাইৰ বাসগৃহলৈ প্ৰৱেশ কৰা পথচোৱা পকীকৰণ কৰা হ'ব বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে ৷ যাৰ বাবে আজি তেওঁ নিজে পথচোৱা চোৱা-চিতা কৰিবলৈ অহা বুলিও কয় । ইয়াৰ উপৰিও বিধায়কগৰাকীয়ে শীঘ্ৰে অসম চৰকাৰৰ ৰাজ্যিক ক্ৰীড়া মন্ত্ৰী বিমল বৰা সৰুপথাৰলৈ ক্ৰীড়া আন্তঃগাঁথনি পৰিদৰ্শন কৰি সমগ্ৰ অঞ্চলটোৰ ক্ৰীড়াৰ দিশত আগবঢ়াৰ ক্ষেত্ৰত এক প্ৰতিবেদন প্ৰস্তুত কৰি অসম চৰকাৰৰ ওচৰত দাখিল কৰিব । লাভলীনাৰ ক্ষেত্ৰত বিধায়ক বিশ্বজিৎ ফুকন সম্পূৰ্ণ আশাবাদী যে অলিম্পিকত লাভলীনা বৰগোঁহাইয়ে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হ'ব ।

লগতে পঢ়কঃ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত পখিলাৰ মেলা

ABOUT THE AUTHOR

...view details