অসম

assam

ETV Bharat / state

অলিম্পিকলৈ যোগ্যতা অৰ্জন অসমৰ বক্সাৰ লাভলিনা বৰগোহাঁইৰ

অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ লাভলিনা বৰগোহাঁই(Lovlina BorGohain)। টকিঅ' অলিম্পিক(Tokyo Olympic)লৈ যোগ্যতা অৰ্জন কৰিছে লাভলিনাই । টুইটযোগে লাভলিনাক শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা(Dr. Himanta Biswa Sarma)ই ।

Lovlina BorGohain has qualified for Tokyo Olympic
অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ লাভলিনা বৰগোহাঁই

By

Published : Jun 10, 2021, 8:31 PM IST

সৰুপথাৰ, ১০ জুন: কৰ'ণাসৃষ্ট পৰিস্থিতিৰ মাজতে সু-খবৰ । টকিঅ' অলিম্পিক(Tokyo Olympic)লৈ যোগ্যতা অৰ্জন কৰিলে বক্সাৰ লাভলিনা বৰগোহাঁয়ে । গোলাঘাট জিলাৰ বৰপথাৰৰ জীয়ৰী লাভলিনা হৈছে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ । লাভলিনাই অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ পিছতে শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা(Dr. Himanta Biswa Sarma)ই ।

টুইটযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে যে, ‘আমাৰ বাবে অতি গৌৰৱ আৰু আনন্দৰ বিষয় যে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা লাভলিনা বৰগোহাঁই প্ৰথমগৰাকী অসমীয়া মহিলা বক্সাৰ'। বিগত বৰ্ষত অনুষ্ঠিত হ'বলগীয়া টকিঅ' অলিম্পিক(Tokyo Olympic) কৰ'ণাৰ বাবে স্থগিত কৰা হৈছিল ।

অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ লাভলিনা বৰগোহাঁই

চলিত বৰ্ষৰ জুলাই-আগষ্ট মাহত টকিঅ' অলিম্পিক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । উল্লেখ্য যে, শেহতীয়াকৈ এছিয়ান বক্সিং চেম্পিয়নশ্বিপ(Asian Boxing Championship)ত ৬৯ কিলোগ্ৰাম শাখাত লাভলিনা বৰগোহাঁয়ে ব্ৰঞ্জৰ পদক লাভ কৰি সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনে ৷

ইপিনে, ৰাজ্যৰ প্ৰথমগৰাকী মহিলা বক্সাৰ হিচাপে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ লগে লগে লাভলিনাৰ জন্মস্থান বৰপথাৰৰ লগতে গোলাঘাট জিলাৰ ৰাইজ, বিভিন্ন দল-সংগঠন উৎফুল্লিত হৈ পৰিছে । লাভলিনাই অলিম্পিকতো সুনাম অৰ্জন কৰিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে ।

লগতে পঢ়ক:ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ ছাত্র সংহতি দিৱস পালন

ABOUT THE AUTHOR

...view details