খুমটাই, 2 মে': লক্ ডাউনৰ সময়ত দুৰ্ভোগ ভুগিবলগীয়া হৈছে খুমটাইৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে । প্ৰয়োজনীয় সাৰ, দৰৱৰ অভাৱত চাহ উদ্যোগ সমূহ বহুদিন বন্ধ হৈ থকাৰ ফলত ব্যাপক লোকচানৰ সন্মুখীন হৈছে চাহ খেতিয়ক সকল ।
ব্যাপক লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল - খুমটাই
বৃহৎ লোকচানৰ সন্মুখীন হৈছে খুমটাইৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে । প্ৰয়োজনীয় সাৰ, দৰৱৰ অভাৱত নষ্ট হ'বলৈ ধৰিছে চাহপাত ।
![ব্যাপক লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল local tea cultivators of assam facing loss due to lockdown](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7025248-thumbnail-3x2-kk.jpg)
ইয়াৰোপৰি লক্ ডাউনৰ বাবে কেঁচা চাহপাত চিঙাৰ পৰাও বিৰত আছিল তেওঁলোক । ফলত পাত সমূহ পেলাই দিবলৈ বাধ্য হৈছে খেতিয়কসকলে । লগতে লক্ ডাউন শিথিলতাৰ সময়ত যি সামান্য পৰিমাণৰ চাহপাত ফেক্টৰীলৈ নিছিল, তাৰ মানদণ্ডও উন্নত নোহোৱাৰ বাবে ক্ষুদ্ৰ খেতিয়কসকলে গাড়ীয়ে গাড়ীয়ে চাহপাত পেলাই দিবলগীয়া হৈছিল বুলি উল্লেখ কৰে । উপায়ন্তৰ হৈ পৰা চাহ খেতিয়ক সকলে তেওঁলোকক এই বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ।
লগতে পঢ়়কঃসকলো ঔদ্যোগিক সাহাৰ্য প্ৰদান, বিজুলী শুল্ক ৰেহাই অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ