গোলাঘাট, 3 ছেপ্তেম্বৰ :ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে গোলাঘাটৰ দেৰগাঁৱৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷ দেৰগাওঁ আঞ্চলিক অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন দাসৰ আক্ৰমনকাৰীক গ্ৰেপ্তাৰৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ৷ প্ৰতিবাদকাৰী ৰাইজে অনতিপলমে দোষীক উপয়ুক্ত শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে ৷ দোষী গ্ৰেপ্তাৰ নহলে ধাৰাবাহিকভাবে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ৰাইজে ৷
আক্ৰমনকাৰীক গ্ৰেপ্তাৰৰ দাবীত গোলাঘাটত প্ৰতিবাদ - ধাৰাবাহিক
গোলাঘাটত শতাধিক ৰাইজৰ প্ৰতিবাদ ৷ অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন দাসৰ আক্ৰমনকাৰীক গ্ৰেপ্তাৰৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ৷ প্ৰতিবাদকাৰী ৰাইজে অনতিপলমে দোষীক উপয়ুক্ত শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে ৷
![আক্ৰমনকাৰীক গ্ৰেপ্তাৰৰ দাবীত গোলাঘাটত প্ৰতিবাদ Local People Protest In Golaghat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8666521-thumbnail-3x2-ass.jpg)
নিৰঞ্জন দাসৰ আক্ৰমনকাৰীক গ্ৰেপ্তাৰৰ দাবীত গোলাঘাটত ৰাইজৰ প্ৰতিবাদ
নিৰঞ্জন দাসৰ আক্ৰমনকাৰীক গ্ৰেপ্তাৰৰ দাবীত গোলাঘাটত ৰাইজৰ প্ৰতিবাদ
উল্লেখ্য যে, মঙলবাৰে নিশা দুৰ্বৃত্তই আক্ৰমন কৰিছিল নিৰঞ্জন দাসক । জানিব পৰা অনুসৰি, বৰ্তমান নিৰঞ্জন দাস গুৱাহাটীত চিকিৎসাধীন হৈ আছে । ইফালে, প্ৰতিবাদস্থলীৰ পৰা দাখিল কৰা হৈছে ৰাজহুৱা এজাহাৰ ।
লগতে পঢ়ক : গোলাঘাটৰ কমাৰগাঁৱত ১০০ গৰাকী কৃষকক বিতৰণ চৰকাৰী পাৱাৰ টিলাৰ