অসম

assam

ETV Bharat / state

টীয়কত পানী যোগান আঁচনিৰ কামত অনিয়মৰ অভিযোগ - local people accused for corruption against departmental administration of phe scheme

টীয়ক সমষ্টিৰ সুন্দৰপুৰৰ পানী যোগান আঁচনিৰ মেৰামতিৰ কামত চৰকাৰী ধন লুণ্ঠনৰ অভিযোগ উত্থাপন হৈছে, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যোৰহাট উপ-সংমণ্ডল কাৰ্যালয়ৰ একাংশ কৰ্মচাৰীয়ে ৷

local people accused for corruption against departmental administration of phe scheme in teok
local people accused for corruption against departmental administration of phe scheme in teok

By

Published : Jun 28, 2020, 12:34 PM IST

টীয়ক, 28 জুনঃ টীয়কত জনস্বাস্থ্য কাৰিকৰী বিভাগত চৰকাৰী ধন লুণ্ঠনৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যোৰহাট উপ-সংমণ্ডল কাৰ্যালয়ৰ একাংশ কৰ্মচাৰীয়ে, পানী যোগান আঁচনিৰ অন্তৰ্ভুক্ত মেৰামতিৰ কামৰ বাবে আৱণ্টিত ধন আত্মসাৎ কৰিছে ৷ আনহাতে এতিয়ালৈ পূৰ্বতে মেৰামতি কৰিবলগীয়া বহু পানী যোগান আঁচনিসমূহো সম্পূৰ্ণ হৈ উঠা নাই ৷

টীয়কত পানী যোগান আঁচনিৰ কামত অনিয়মৰ অভিযোগ

স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, টীয়ক সমষ্টিৰ সুন্দৰপুৰৰ পানী যোগান আঁচনিৰ চৌহদত প্ৰায় চাৰি বছৰ পূৰ্বে বৃহৎ পৰিমাণৰ টকা ব্যয়ৰে নিৰ্মাণ কৰা পানীৰ ৰিজাৰ্ভাৰ আজিও ব্যৱহাৰৰ অনুপযোগী ৷ অভিযোগ মতে, ঠিকাদাৰে আঁচনিৰ ধন মুকুলাই অনা স্বত্বেও এই পৰ্যন্ত আধৰুৱা হৈ থাকিল মেৰামতিৰ কাম ৷ চাৰি বছৰৰ পাচত আম এগৰাকী ঠিকাদাৰে আধৰুৱা কাম সম্পূৰ্ণ কৰিবলৈ আহে যদিও, এই বিষয়ে জ্ঞাত নহয় স্থানীয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল ৷ পানী যোগান আঁচনিৰ নিৰ্মীয়মাণ প্ৰকল্পসমূহত সম্প্ৰতি অতি নিম্ন মানৰ কাম কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়কঃকেমেৰাৰ সমুখতে উটি গ'ল দলং

ABOUT THE AUTHOR

...view details