বোকাখাত, 27 এপ্ৰিল :বোকাখাতত বহুজাতিক কোম্পানী এম বজাৰ(M Bazar) ৰ বিৰুদ্ধে সৰৱ জীপাল কৃষক শ্ৰমিক সংঘ । অভিযোগ অনুসৰি, শ্ৰমিক নীতিক ভেঙুচালি কৰিছে এম বজাৰৰ স্বত্বাধিকাৰীয়ে (Accused of violating labor policy by M Bazar) ৷ সাপ্তাহিক বন্ধৰ দিনতো খোলা ৰখা হয় এম বজাৰ ৷ এই অভিযোগ উত্থাপন কৰিছে জীপাল কৃষক শ্ৰমিক সংঘই ৷
তথ্য অনুসৰি, বোকাখাতৰ মাজমজিয়াত কিছুদিন পূৰ্বে বহুজাতিক কোম্পানী এম বজাৰৰ এটা শাখা মুকলি কৰা হৈছিল । অভিযোগ অনুসৰি, এম বজাৰৰ নাই কোনো সূচল পাৰ্কিঙৰ ব্যৱস্থা ৷ এম বজাৰৰ বাবেই যান-জঁটৰ সমস্যাৰ সন্মুখীন হৈ আহিছে অঞ্চলটোৰ ৰাইজে ৷ যান-জঁটৰ সমস্যাৰ লগতে শ্ৰমিক নীতি উলংঘা কৰা সন্দৰ্ভত বাৰম্বাৰ সকীয়নি প্ৰদান কৰা হৈছিল উক্ত কোম্পানীটোক ৷
কিন্তু দল-সংগঠনৰ সকীয়নি তথা প্ৰতিবাদক বুঢ়া আঙুলি দেখুৱাই মুকলিকৈ উক্ত কোম্পানীটোৱে চলাই গৈছে ব্যৱসায় ৷ এই অভিযোগ তৰিছে জীপাল কৃষক শ্ৰমিক সংঘই ৷ অৱশেষত উপায়ন্তৰ হৈ জীপাল কৃষক শ্ৰমিক সংঘই উক্ত প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে শ্ৰমিক নীতি উলংঘাৰ অভিযোগ তুলি বোকাখাতৰ মহকুমাধিপতিক এই সন্দৰ্ভত প্ৰদান কৰিছে এখনি স্মাৰকপত্ৰ ৷