গোলাঘাট, 14 ফেব্ৰুৱাৰী:জীৱশ্ৰেষ্ঠৰ আক্ৰমণত মৃত্যুক সাৱটিলে এটা নাহৰফুটুকীয়ে ৷ অভিযোগ অনুসৰি, গোলাঘাটৰ 5 নং থুৰাজানত একাংশ ৰাইজে খেদি খেদি নাহৰফুটুকীটোক হানি খুচি হত্যা কৰে ৷
ৰাইজে অভিযোগ কৰা মতে, নাহৰফুটুকীৰ আক্ৰমণত বিতু ভূমিজ আৰু সুৰজ বৰাইক নামৰ দুজন ব্যক্তি আহত হৈছে ৷ বনবিভাগে জানিবলৈ দিয়া মতে নাহৰফুটুকীটোক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ পাছতে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷