গোলাঘাট,14 ছেপ্তেম্বৰ: গোলাঘাটৰ আধাৰসত্ৰ নপমুৱা টাপুত পিঞ্জৰাৱদ্ধ হৈছে এটা নাহৰফুটুকী ৷ প্ৰায় দুবছৰ পূৰ্বৰে পৰা অঞ্চলটোত সন্ত্ৰাস চলাই গাঁওবাসীৰ মাজত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল নাহৰফুটুকীটোৱে ৷ পিছে এশ গৰু মাৰিলে বাঘৰো মৰণ ৷ প্ৰায় ৩৫ টা গৰু ভক্ষণ কৰাৰ লগতে বিভিন্ন পশুধন ভক্ষণ কৰি নিদ্ৰাহৰণ কৰিছিল কৃষকসকলৰ ৷ অৱশেষত দুৰ্গম অঞ্চলটোত বন বিভাগে স্থানীয় লোকৰ সহযোগত পিঞ্জৰাত আৱদ্ধ কৰে নাহৰফুটুকীটো ৷ নাহৰফুটুকীটো চাবলৈ অঞ্চলটোত ভিৰ কৰে শতাধিক স্থানীয় লোকে ৷
গোলাঘাটত পিঞ্জৰাৱদ্ধ নাহৰফুটুকী - পিঞ্জৰাবদ্ধ
গোলাঘাটৰ আধাৰসত্ৰ নপমুৱা টাপুত পিঞ্জৰাৱদ্ধ হৈছে এটা নাহৰফুটুকী ৷ বন বিভাগে অতি কৌশলেৰে স্থানীয় লোকৰ সহযোগত পিঞ্জৰাত আৱদ্ধ কৰে নাহৰফুটুকীটো ৷
নাহৰফুটুকী পিঞ্জৰাৱদ্ধ