মৰিয়নী, 4 জুনঃমৰিয়নীৰ দিহিঙীয়াপাৰ চাহ বাগিচাত আজি দিনৰ ভাগত উদ্ধাৰ হয় এটি নাহৰফুটুকী বাঘৰ পোৱালী ৷ চাহ বাগিছাত কাম কৰি থকা কেইগৰাকীমান মহিলাই বাঘ পোৱালীটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজক খবৰ দিয়ে ৷
মৰিয়নীৰ পৰা উদ্ধাৰ নাহৰফুটুকীৰ পোৱালি
মৰিয়নীৰ দিহিঙীয়াপাৰ চাহ বাগিচাত উদ্ধাৰ হয় এটি নাহৰফুটুকী পোৱালী ৷ পৰৱৰ্তী সচেতন ৰাইজৰ চেষ্টাত বাঘ পোৱালীটো বন বিভাগক গতাই দিয়া হয় ৷
মৰিয়নীৰ পৰা উদ্ধাৰ নাহৰফুটুকীৰ পোৱালী
আৰু পঢ়কঃ বছৰি এক শতাংশকৈ কিয় হ্ৰাস পাইছে বন্যহস্তীৰ সংখ্যা ?
স্থানীয় সচেতন ৰাইজৰ উপস্থিতিত কেইগৰাকীমান পৰিৱেশপ্ৰেমী যুৱকে বাঘ পোৱালীটো উদ্ধাৰ কৰি বন বিভাগক গটাই দিয়ে ৷ বৰ্তমানে মেলেং খণ্ড বন বিষয়াৰ তত্বাৱধানত বাঘ পোৱালীটোৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত সুস্থ বুলি জানিব পৰা গৈছে ৷ পৰৱৰ্তী সময়ত বনবিভাগে ছমহীয়া বাঘ পোৱালীটো হোলোংগাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যত মোকোলাই দিয়ে ৷