গোলাঘাট, 24 মাৰ্চঃ গোলাঘাটৰ শালমৰাত বাঘৰ আক্ৰমণ ৷ চাহ বাগিচাত কাম কৰি থকা অৱস্থাত এটা প্ৰকাণ্ড নাহৰফুটুকীয়ে পাছফালৰ পৰা আক্ৰমণ কৰে আকবৰ পূজৰ নামৰ শ্ৰমিকজনক ৷ যাৰ ফলত গুৰুতৰভাৱে আহত হয় শ্ৰমিকজন ৷ মূৰ আৰু পিঠিত আঘাট প্ৰাপ্ত শ্ৰমিকজনক শালমৰা চাহ বাগিচাৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও সংকটজনক অৱস্থাত গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে শ্ৰমিকজনক৷
গোলাঘাট শালমৰাত বাঘৰ আক্ৰমণত আহত এজন - শালমৰা
বৰ্তমান গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যুৱকজন

গোলাঘাট শালমৰাত বাঘৰ আক্ৰমণ
গোলাঘাট শালমৰাত বাঘৰ আক্ৰমণ
উল্লেখ্য যে, বিগত কেইবাদিন ধৰি বাগিচা অঞ্চলটোত কেইবাটাও নাহৰফুটুকী বিচৰণ কৰাৰ কথা চাহ বাগিচা কৰ্তৃপক্ষক অৱগত কৰে যদিও বৰ্তমান পৰ্যন্ত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বাগিচা কৰ্তৃপক্ষই ৷