সৰুপথাৰ,9 মাৰ্চঃবক্সাৰ লাভলিনা বুঢ়াগোঁহাইৰ ঘৰত আনন্দমুখৰ পৰিৱেশ ৷ কাৰণ টকিঅ' অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছে অসম সন্তান লাভলিনা বুঢ়াগোঁহাইয়ে ৷ চলিত বৰ্ষৰ 22 জুলাইৰ পৰা অনুষ্ঠিত হ'ব বিশ্বৰ তাৰকা মহাতাৰকাৰ সমাহাৰ ঘটা একমাত্ৰ ক্ৰীড়া সমাৰোহ অলিম্পক গেমছ ৷ জৰ্ডানৰ আমানত অনুষ্ঠিত হোৱা এছিয়া ওচেনিয়া টুৰ্নামেণ্টত 69 কিঃগ্ৰা বৰ্গৰ ওজবেকিস্তানৰ বক্সাৰক 5-0 ৰ ব্যৱধানত হৰুৱাই টকিঅ' অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে অসমৰ লাভলিনাই ৷ পিতৃ টিকেন বৰগোঁহাই আৰু মাতৃৰ মামণি বৰগোহাইৰ জীয়ৰীৰ সাফলতাত কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যবাসীৰ লগতে গৌৰৱান্বিত গোলাঘাট জিলাৰ বৰপথাৰবাসী ।
টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন ধনশিৰিৰ জীয়ৰী লাভলিনা বুঢ়াগোঁহাইৰ - tokyo olympic 2020
সফলতাৰ পিছতে ধনশিৰিস্থিত লাভলিনাৰ বাসগৃহত ভিৰ কৰিছেহি অসংখ্য গুণমুদ্ধই ৷ জৰ্ডানৰ আমানত অনুষ্ঠিত এছিয়া ওচেনিয়া টুৰ্নামেণ্টত 69 কিঃগ্ৰা বৰ্গৰ ওজবেকিস্তানৰ বক্সাৰক 5-0 ৰ ব্যৱধানত হৰুৱাই টকিঅ' অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে কৰিছে লাভলিনাই । লগতে আগন্তুক সতি সাধনী দিৱসত চুতীয়া ছাত্ৰ সন্থাই লাভলিনাক প্ৰদান কৰিব "ধনশিৰি গৌৰৱ" বঁটা ৷
লাভলিনাক প্ৰথম অৱস্থাত বক্সিঙৰ জগতখনলৈ উলিয়াই অনাৰ ক্ষেত্ৰত বৰপথাৰৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰশিক্ষক তথা এছিয়ান বুক অফ ৰেকৰ্ডছত নাম সন্নিবিষ্ট কৰা বক্সাৰ প্ৰশান্ত কুমাৰ দাস আৰু বৰপথাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰশিক্ষক পৰমানন্দ লাহনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল বুলি জানিবলৈ দিয়ে লাভলিনাৰ পিতৃ টিকেন বৰগোঁহাইয়ে । উল্লেখনীয় যে, চুতীয়া জাতিয়ে প্ৰত্যেক বছৰে অনুষ্ঠিত কৰি অহা সতী সাধনী দিৱসত এইবাৰ "ধনশিৰি গৌৰৱ" বঁটা প্ৰদান কৰা হ'ব অসম গৌৰৱ লাভলিনা বুঢ়াগোঁহাইক ৷
লগতে পঢ়কঃকটনত অনুষ্ঠিত ৰাজ্যিক সাংবাদিক-সংবাদকৰ্মী সন্মিলন 2020