গোলাঘাট,14 নৱেম্বৰ:শনিবাৰে গোলাঘাটত মুখ্যমন্ত্ৰীৰ গ্ৰাম্য পৰিবহণ আঁচনিৰ শুভাৰম্ভ । গোলাঘাটৰ বীৰাঙ্গনা সাধনী কলাক্ষেত্ৰত আঁচনি খনৰ শুভাৰম্ভণি কৰে মন্ত্ৰী অতুল বৰাই । নিবনুৱা সমস্যা দূৰীকৰণৰ হেতুকে অসম চৰকাৰৰ এই গুৰুত্বপূৰ্ণ পদক্ষেপ । গ্ৰাম্যাঞ্চলৰ সূচল যাতায়ত আৰু স্বাৱলম্বনৰ নতুন দিশ উন্মোচনৰ বাবে মুখ্যমন্ত্ৰীৰ গ্ৰাম্য পৰিবহণ আঁচনিৰ জৰিয়তে লঘু যান-বাহন প্ৰদান কৰা ব্যৱস্থা কৰা হয় । গোলাঘাট পৰিবহণ বিভাগে অনুষ্ঠিত কৰা মুখ্যমন্ত্ৰী গ্ৰাম্য পৰিবহণ আঁচনিৰ শুভাৰম্ভনি কৰে অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই ।
অনুষ্ঠানটিত উপস্থিত থাকে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, গোলাঘাট জিলা পৰিবহণ বিষয়া মনোজ কুমাৰ চৌধুৰী, MVI পৰাগ শইকীয়া, গোলাঘাট জিলা অতিৰিক্ত উপায়ুক্ত অৰূপা বাগলাৰী, গোলাঘাট জিলা আৰক্ষী অধীক্ষক পুষ্প ৰাজ সিং, অসম গণ পৰিষদৰ প্ৰাক্তন বিধায়ক বিনোদ গোৱালাৰ লগতে বহু কেইগৰাকী ব্যক্তি ।