অসম

assam

ETV Bharat / state

কণ্ঠশিল্পী দ্বীপেন বৰুৱাক অকলশৰীয়া কৰি গুচি গ'ল চৈয়দা জ্যোৎস্না ৰহমান... - Last rites of Syeda Jyotsna Rahman

অনন্ত ধামলৈ গতি কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী দ্বীপেন বৰুৱাৰ পত্নী চৈয়দা জ্যোৎস্না ৰহমানে ৷ শুকুৰবাৰে নিশা বাথৰুমলৈ যাওঁতে আকস্মিকভাৱে অসুস্থ হৈ মৃত্যুক সাৱটি লয় জ্যোৎস্না ৰহমানে ৷ শনিবাৰে ঈছলাম ধৰ্মৰ নিয়মেৰে গোলাঘাটত জানাজা সম্পন্ন কৰা হয় জ্যোৎস্না ৰহমানৰ ৷

last-rites-of-syeda-jyotsna-rahman-performed-in-golaghat
কন্ঠশিল্পী দ্বীপেন বৰুৱাক অকলশৰীয়া কৰি গুচি গ'ল চৈয়দা জ্যোৎস্না ৰহমান...

By

Published : Oct 2, 2021, 7:53 PM IST

গোলাঘাট, 2 অক্টোবৰ: মানুহৰ প্ৰেম আৰু ভালপোৱা এটি স্বৰ্গীয় দান ৷ প্ৰেম-ভালপোৱাৰ মাজেৰেই গঢ় লৈ উঠে এখন স্বৰ্গীয় অনুভূতিৰ সমাজ বা এটি পৰিয়াল ৷ এনে এক স্বৰ্গীয় প্ৰেম-ভালপোৱাৰ দীঘলীয়া যাত্ৰাৰে জনপ্ৰিয় কন্ঠশিল্পী দ্বীপেন বৰুৱাৰ জীৱনলৈ আহিছিল গোলাঘাটৰ জীয়ৰী চৈয়দা জ্যোৎস্না ৰহমান ৷ প্ৰেমৰ মাজেৰে সংসাৰ গঢ় লৈছিল দুই যুগলবন্দীৰ ৷ অৱশেষত দ্বীপেন বৰুৱাক অকলশৰীয়া কৰি চিৰদিনৰ বাবে অজান দেশলৈ উৰা মাৰিল তেওঁৰ পত্নী চৈয়দা জ্যোৎস্না ৰহমানে ৷ পত্নীক হেৰুৱাই আজি অকলশৰীয়া এইগৰাকী চিৰসেউজ কণ্ঠশিল্পী ৷

মন কৰিবলগীয়া যে, দুয়ো পৃথক ধৰ্মৰ আছিল যদিও দুয়োৰে দুই পৃথক ধৰ্মৰ প্ৰতি আছিল অগাধ ভক্তি ৷ শুকুৰবাৰে গুৱাহাটীৰ নিজা গৃহত চৈয়দা জ্যোৎস্না ৰহমানৰ মৃত্যুৰ পিছতেই তেওক লৈ অনা হয় গোলাঘাটৰ নিজৰ পিতৃৰ গৃহলৈ ৷ গোলাঘাট নগৰৰ কুমাৰপট্টীৰ মাতৃগৃহলৈ নশ্বৰ দেহ অনাৰ পিছতেই ঈছলাম ধৰ্মৰ নিয়মেৰে জ্যোৎস্না ৰহমানৰ জানাজা সম্পন্ন কৰা হয় ৷ জ্যোৎস্না ৰহমানৰ মৃত্যুত তেওঁৰ ভাতৃ, ভগ্নী সকল শোকাৰ্ত হৈ পৰাৰ লগতে দ্বীপেন বৰুৱায়ো তেওঁৰ সংসাৰৰ স্মৃতি ৰোমন্থন কৰে ৷

কন্ঠশিল্পী দ্বীপেন বৰুৱাক অকলশৰীয়া কৰি গুচি গ'ল চৈয়দা জ্যোৎস্না ৰহমান...

উল্লেখ্য যে, শুকুৰবাৰে নিশা মৃত্যুক সাৱটি লৈছিল বিশিষ্ট কণ্ঠশিল্পী গৰাকীৰ পত্নী চৈয়দা জ্যোৎস্না ৰহমানে। কিছুদিন ধৰি অসুস্থ হৈ আছি জোৎস্না ৰহমান । বাথৰুমলৈ যাওঁতে আকস্মিকভাৱে অসুস্থ হৈ মৃত্যুক সাৱটি লয় জ্যোৎস্না ৰহমান ৷

লগতে পঢ়কঃহোজাইত ৰে’লৰ খুন্দাত ২ বছৰীয়া কন্যাসহ নিহত মাতৃ

ABOUT THE AUTHOR

...view details