গোলাঘাট, 10 ছেপ্তেম্বৰ: গোলাঘাটৰ দেৰগাঁও আৰক্ষীৰ সফলতা । পুৱাই আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট । এখন নম্বৰ বিহীন মাৰুটি ইক্ ভেনত গোলাঘাট হৈ ডিমাপুৰ অভিমুখে নি থকা অৱস্থাত উদ্ধাৰ কৰা হয় নিচাজাতীয় টেবলেটখিনি ।
এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় নিচাযুক্ত টেবলেটখিনিৰ লগতে এখন মাৰুতি ইক্ ভেন । দেৰগাঁৱৰ ‘ময়ংক’মেডিকেলৰ পৰা ডিমাপুৰৰ দিশে নি থকা হৈছিল টেবলেটখিনি । বৰ্তমানে দেৰগাঁও আৰক্ষীয়ে মেডিকেলখনৰ স্বতাধিকাৰী দ্বীপ চোমানিৰ লগতে গাড়ী চালকজনক আটক কৰিবলৈ সক্ষম হৈছে ।