বোকাখাত, 31 ডিচেম্বৰ :আজি 31 ডিচেম্বৰ ৷ 2021 বৰ্ষৰ অন্তিমটো দিন ৷ হাঁহি-কান্দোন, পোৱা-নোপোৱাৰ কিছু অভিজ্ঞতাৰে পাৰ হ’ল পুনৰ এটা বছৰ ৷ ২০২১ বৰ্ষৰ শেষৰ দিনটোত উখল-মাখল হৈ পৰিল বোকাখাতৰ সমীপৱৰ্তী কাকচাং জলপ্ৰপাত বনভোজ স্থলী (Picnic Party on Last Day of 2021) । পুৰণি বছৰক বিদায় দি নতুন বছৰক আদৰিবৰ বাবে সাজু হৈছে সমগ্ৰ বিশ্ব ৷ ক'ভিড সৃষ্ট পৰিৱেশ আৰু অ’মিক্ৰণৰ ভয়াৱতাৰ মাজতো বনভোজ দলেৰে ভৰি পৰিছে বোকাখাতৰ গোলাঘাট আৰু কৰ্বি আংলং সীমাৰ কাকচাঙৰ কাইফ'লাংচ জলপ্ৰপাত (Picnic parties gathered at Kaipholangso Waterfalls) ৷
বনভোজৰ হট স্পট ৰূপে পৰিগণিত হোৱা গোলাঘাট-কাৰ্বি আংলঙৰ জিলাৰ সীমান্তত অৱস্থিত কাকচাঙৰ কাইফ'লাংচ জলপ্ৰপাতত এতিয়া বনভোজকাৰী দলৰ অভাবনীয় ভীৰ পৰিলক্ষিত হৈছে । বনভোজ দলৰ উপস্থিতিত উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে কাইফ'লাংচ জলপ্ৰপাতত (Picnic spots of Assam) ৷
লগতে পঢ়ক :ভাৰতত অ’মিক্ৰণৰ প্ৰাদুৰ্ভাৱে প্ৰভাৱ পেলাইছে নেকি বনভোজৰ আনন্দত ?