গোলাঘাট, 15 ছেপ্টেম্বৰঃপৱিত্ৰ ভাদ মাহৰ শেষৰটো দেওবাৰ উপলক্ষে গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত অগণন ভকত বৈষ্ণৱে ভিৰ কৰিছে ৷ দেওবাৰে পুৱাৰে পৰাই আঠখেলীয়া নামঘৰত দেখা গ'ল ভকত বৈষ্ণৱৰ লানি নিচিগা সোঁত৷
পৱিত্ৰ ভাদ মাহ, হৰি নাম কীৰ্তনেৰে মুখৰিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ - গোলাঘাট
বৈকুণ্ঠ পুৰীলৈ পৰিণত হ'ল ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ চৌদিশ ।পৱিত্ৰ ভাদ মাহৰ শেষৰটো দেওবাৰ উপলক্ষে গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত ভকত বৈষ্ণৱৰ লানি নিচিগা সোঁত৷
জন বিশ্বাস আছে যে গোলাঘাটৰ ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰত পৱিত্ৰ ভাদ মাহত শৰাই নৈৱেদ্য আগবঢ়ালে আৰু বন্তি জ্বলাই নেদেখা জনৰ ওচৰত সেৱা ল'লে মনৰ আশা পূৰ্ণ হয় । সেয়ে গোলাঘাট জিলাৰ এই ঐতিহ্য মণ্ডিত আঠখেলীয়া নামঘৰলৈ আহিল দুৰ-দুৰণিৰ ভকত বৈষ্ণৱ । লক্ষ লক্ষ ভকত বৈষ্ণৱক আপ্যায়িত কৰিবলৈ নামঘৰ পৰিচালনা সমিতিৰ বিষয় ববীয়া সকলকো তৎপৰ দেখা গ'ল । উল্লেখ্য যে নামঘৰ পৰিচালনা সমিতিয়ে সমগ্ৰ ভাদ মাহত ৰাজ্য খনৰ লগতে উত্তৰপূৱৰ প্ৰায় 10 লক্ষাধিক ভকত বৈষ্ণৱৰ সমাগম হোৱাৰ আশা কৰি কাৰ্য সম্পাদন কৰি আহিছে । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱ সকলৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে গোলাঘাট আৰক্ষীৰ এটা দলেও দিনে নিশাই কৰ্তব্য পালন কৰি আহিছে৷