অসম

assam

ETV Bharat / state

পদূলিমুখত আঘোণ: লখিমীক আদৰিবলৈ সাজু ৰাজ্যৰ চহা কৃষক - farmer

লখিমীক আদৰিবলৈ সাজু ৰাজ্যৰ চহা কৃষক সমাজ ৷ আহ্লাদিত হৈ পৰিছে কৃষকসকলৰ মন-প্ৰাণ ৷ কিয়নো আঘোণ(Aghon) মাহ অহাৰ লগে লগে কৃষকসকলৰ ঘৰলৈ আহিব লখিমী ৷ কপালৰ ঘাম মাটিত পেলাই কৃষকে কৰা সোণগুটি আদৰিবলৈ সাজু হৈছে প্ৰতিগৰাকী দাৱনী ৷ অৱশ্যে চলিত বৰ্ষত অনাবৃষ্টিয়ে বাট আগচি ধৰিছে শস্য উৎপাদনত, যাক লৈ চিন্তিত হৈ পৰিছে কৃষক সমাজ ৷ চাওক এই বিশেষ প্ৰতিবেদন...

পদূলিমুখত আঘোণ: লখিমীৰে নভৰিল আঘোণী পথাৰ
পদূলিমুখত আঘোণ : লখিমীৰে নভৰিল আঘোণী পথাৰ

By

Published : Nov 17, 2021, 8:29 PM IST

আমগুৰি/সৰুপথাৰ, 17 নৱেম্বৰ : কাঁচিৰ কেচ্ কেচ্ শব্দ আৰু দাৱনীৰ হাঁহিৰ খিল-খিলনিত ভৰি পৰিছে ৰাজ্যৰ সোণোৱালী পথাৰসমূহ ৷ কিয়নো পহিলা আঘোণ ৷ ৰাজ্যৰ প্ৰতিখন পথাৰতে এতিয়া সোণগুটি চপোৱাত ব্যস্ত হৈ পৰিছে ৰোৱনী-দাৱনীসকল ৷ শাওনৰ বোকাত কপালৰ ঘাম মাটিত পেলাই সেউজীয়া কৰা হেঁপাহৰ পথাৰখন হৈ পৰিছে সোণবৰণীয়া ৷ শীতৰ বোকোচাৰে নামি আহিছে হেঁপাহৰ আঘোণ(Aghon) মাহ ৷

আঘোণ মানেই চহা কৃষকৰ সপোনৰ পকা সোণগুটি চপোৱাৰ সময় ৷ সেয়েহে আঘোণ আহিলেই ব্যস্ত হৈ পৰে গ্ৰামাঞ্চলৰ লোকসকল ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ শিৱসাগৰ জিলাৰ শলগুৰি মৌজাৰ আহিনী পথাৰতো দেখিবলৈ পোৱা গৈছে কৃষকৰ ব্যস্ততা ৷ অৱশ্যে এইবাৰ পূৰ্বতকৈ হ্ৰাস পাইছে ধানৰ উৎপাদনৰ মাত্ৰা ৷ পূৰ্বৰ তুলনাত আশাপ্ৰদ ফল লাভ কৰা নাই কৃষক ৰাইজে ৷

পদূলিমুখত আঘোণ: লখিমীৰে নভৰিল আঘোণী পথাৰ

আঘোণ মাহ চহা কৃষকৰ ফচল প্ৰাপ্তিৰ হেঁপাহৰ মাহ যদিও আগৰ বৰ্ষসমূহৰ তুলনাত এইবাৰ কৃষকসকলে লাভ কৰা নাই আশানুৰূপ উৎপাদন ৷ কোনোবাখন পথাৰত যদি ধানে গেৰ নেমেলিলে, আন কোনোবাখন পথাৰত আকৌ ধানৰ ঠাইত বৃদ্ধি পালে পতান ৷ এই ক্ষেত্ৰত কৃষকসকলে কৃষি বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ।

জলবায়ুৰ পৰিৱৰ্তন, অনাবৃষ্টি, কৃষি বিভাগৰ হেমাহি, বিজ্ঞানসন্মত পদ্ধতিৰ প্ৰয়োগৰ অভাৱৰ বাবেই কৃষকসকলৰ উৎপাদন হ্ৰাস পোৱাৰ অভিযোগ তুলিছে কৃষকসকলে ৷ প্ৰতি বিঘাত 5 কুইণ্টলৰ ঠাইত 3ৰ পৰা 2 কুইণ্টল ধানহে লাভ কৰিবলৈ সক্ষম হয় দুৰ্ভগীয়া কৃষকসকলে । ইয়াৰ ভিতৰত অধিকাংশই পতান বুলি তেওঁলোকে জানিবলৈ দিয়ে ।

কেৱল বিজ্ঞাপনতেই সীমাবদ্ধ হৈ থকা কৃষি বিভাগৰ আধুনিকীকৰণ আৰু প্ৰকৃত কৃষকে আঁচনিসমূহৰ ফল লাভ নকৰাৰ বাবে উৎপাদন হ্ৰাস পাইছে পথাৰসমূহত । ৰাজ্যৰ গুৰুত্বপূৰ্ণ কৃষি বিভাগে কাগজে-কলমে কৃষকৰ উন্নয়ন হোৱা দেখুৱালেও প্ৰকৃত ছবিখন সম্পূৰ্ণ ওলোটা । বাস্তৱিকতে বহু কৃষক এতিয়াও কৃষি বিভাগৰ দ্বাৰা যোগান ধৰা ট্ৰেক্টৰ তথা কৃষিকাৰ্যত ব্যৱহৃত অন্যান্য যন্ত্ৰসমূহৰ পৰা বঞ্চিত ।

আনহাতে, কিছু সংখ্যক কৃষকে যন্ত্ৰ ব্যৱহাৰ কৰিলেও নিজৰ জেপৰ ধন খৰচ কৰিহে এই যন্ত্ৰসমূহ ক্ৰয় কৰিছে । চলিত বছৰত কৃষকৰ মূল সমস্যাটোৱেই আছিল অনাবৃষ্টি । বহু পথাৰত জলসিঞ্চনৰ অভাৱৰ বাবে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি বৰষুণলৈ বাট চাই থকা কৃষকসকল হতাশাত ভুগিবলগীয়া হৈছে ।

সৰুপথাৰৰ ধনশিৰি মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৰ চুঙাজানৰ মাজগাঁও অঞ্চলৰ মহিলাসকলকো পকা ধানৰ মুঠি কটা দেখিবলৈ পোৱা গৈছে । খৰাং বতৰৰ বাবে নিজৰ খেতিভাগ চন পৰি ৰোৱাৰ বাবে দুঃখিত মহিলাসকল ৷ একাংশ মহিলাই আকৌ চুবুৰীয়াৰ সোণোৱালী পথাৰত ধান কাটি পাতলাইছে মনৰ দুখ ।

ৰবাব টেঙাৰ সোৱাদ লৈ বিহুনাম গাই নাচি-বাগি পকা ধানৰ মুঠি কাটিয়েই খৰাঙে তেওঁলোকৰ খেতিত আউল লগোৱাৰ কথা ব্যক্ত কৰে মহিলাসকলে ৷ খৰাং পীড়িতৰ বাবে ঘোষিত চৰকাৰী সাহায্য প্ৰকৃত কৃষকে লাভ কৰাৰ লগতে তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ পথাৰৰ পৰাই চৰকাৰক আহ্বান জনায় এইসকল দাৱনীয়ে ।

লগতে পঢ়ক :Rashleela: টীয়কত ক’ভিড প্ৰট’কলৰ মাজেৰে ৰাসৰ পূৰ্ণ প্ৰস্তুতি

ABOUT THE AUTHOR

...view details