অসম

assam

ETV Bharat / state

পদযাত্ৰা কৰি ঘৰলৈ ওভতা শ্ৰমিকক আগভেটা আৰক্ষীৰ

গোলাঘাটৰ পৰা দুলীয়াজান,মৰাণ আৰু সোনাৰীলৈ খোজ কাঢ়ি নিজ বাসগৃহলৈ গৈ থকা অৱস্থাত 16 জন যুৱ শ্ৰমিকক গোলাঘাট আৰক্ষীয়ে আগভেটি ধৰি পুনৰ কৰ্মস্থলীতে থৈ আহে ৷ পৰিয়ালক লৈ হোৱা সমস্যাৰ বাবে তেওঁলোকে প্ৰায় 200 কিলোমিটাৰ ৰে’লপথেৰে খোজকাঢ়ি নিজ নিজ ঘৰলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ তেওঁলোকক নিজ নিজ ঘৰলৈ যাবলৈ ব্যৱস্থা কৰি দিবলৈ চৰকাৰক অনুৰোধ জনাইছে শ্ৰমিককেইজনে ৷

পদযাত্ৰা কৰি ঘৰলৈ ওভতা শ্ৰমিকক আগভেটা আৰক্ষীৰ
পদযাত্ৰা কৰি ঘৰলৈ ওভতা শ্ৰমিকক আগভেটা আৰক্ষীৰ

By

Published : Apr 21, 2020, 5:09 PM IST

গোলাঘাট,21 এপ্ৰিল : মঙলবাৰে গোলাঘাট টি মেকাৰ চাহ ফেক্টৰীত কৰ্মৰত 16 জন যুৱ শ্ৰমিকক খোজ কাঢ়ি নিজ ঘৰলৈ গৈ থকা অৱস্থাত আগভেটি ধৰে গোলাঘাট আৰক্ষীয়ে ৷ গোলাঘাটৰ পৰা দুলীয়াজান,মৰাণ আৰু সোনাৰীৰ ঘৰলৈ প্ৰায় 200 কিলোমিটাৰ ৰে’লপথেৰে খোজকাঢ়ি যাবলৈ ওলাই আহিছিল যুৱ শ্ৰমিককেইজন ।গোলাঘাট আৰক্ষীয়ে পুনৰ পূৰ্বৰ স্থানতে বাছেৰে থৈ আহিছে শ্ৰমিক কেইজনক। ইয়াকে লৈ শ্রমিককেইজনৰ ঘৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে ৷

পদযাত্ৰা কৰি ঘৰলৈ ওভতা শ্ৰমিকক আগভেটা আৰক্ষীৰ

উল্লেখ্য যে, কোনোবাজন শ্ৰমিকৰ পিতৃ-মাতৃ অসুস্থ,কোনোবাজনৰ কণমানি সন্তানে পিতৃক বিচাৰি আমনি কৰিছে বা কোনোবাজনৰ ঘৰত অকলে আছে পিতৃ- মাতৃ তথা বায়েক ভনীয়েক ইত্যাদি সমস্যাৰ বাবে লক ডাউনৰ মাজতে ৰে’লপথেৰে খোজকাঢ়ি নিজ নিজ ঘৰলৈ যোৱাৰ সিদ্ধান্ত লৈছিল শ্ৰমিককেইজনে ৷ উপায়হীন হৈ শ্ৰমিককেইজনে তেওঁলোকক নিজ নিজ ঘৰলৈ যাবলৈ ব্যৱস্থা কৰি দিবলৈ চৰকাৰক অনুৰোধ জনাইছে ৷ লগতে পঢ়ক : লক ডাউনঃ ৰাজ্যত জব্দ ১৫ হাজাৰতকৈও অধিক আইন ভংগকাৰী বাহন, গ্ৰেপ্তাৰ ১,৯০৬ গৰাকী লোক

ABOUT THE AUTHOR

...view details