অসম

assam

ETV Bharat / state

গোলাঘাটত হঠাৎ সাৰ পালে শ্ৰম বিভাগ

গোলাঘাটত বৃহস্পতিবাৰে কেইবাটাও বাণিজ্যিক কেন্দ্ৰৰ লগতে ব্যক্তিগত চিকিৎসালয়ত শ্ৰম বিভাগে চলায় অভিযান ৷ জিলা দণ্ডাধীশক লগত লৈ শ্ৰম বিষয়াসহ 5 জনীয়া এটা দলে চলায় এই অভিযান ৷

গোলাঘাটত শ্ৰম বিভাগৰ অভিযান

By

Published : May 2, 2019, 8:05 PM IST

গোলাঘাট,2মেঃ আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱসৰ এদিন পাচতে বৃহস্পতিবাৰে গোলাঘাটত হঠাৎ শ্ৰম বিভাগৰ অভিযান। গোলাঘাটৰ বহু কেইটা বাণিজ্যিক কেন্দ্ৰৰ লগতে চহৰখনৰ আগশাৰীৰ ব্যক্তিগত চিকিৎসালয়টো শ্ৰম বিভাগে বৃহস্পতিবাৰে অভিযান চলায়। কৰ্মচাৰী, শ্ৰমিকৰ নিযুক্তি পত্ৰ, প্ৰতিস্থান পৰিচালনাৰ অনুজ্ঞাপত্ৰ আদি বিচাৰি অভিযান অভিযান চলাই শ্ৰম বিভাগে। লগতে শ্ৰমিকক উচিত মজুৰি প্ৰদান কৰাক লৈ প্ৰতিস্থান সমূহৰ কাৰ্যালয়ত প্ৰ-পত্ৰ নিৰীক্ষণ কৰে শ্ৰম বিভাগে। শ্ৰম বিভাগে দণ্ডাধীশক লগত লৈ লাইফ লাইন নাৰ্চিং হোম, জিবিএম নাৰ্চিং হোমতো চলাই এই অভিযান। গোলাঘাটৰ নৱ নিযুক্ত শ্ৰম বিষয়া ৰানা ইংতিসহ গোলাঘাট জিলা কাৰ্যবাহী দণ্ডাধীশৰ লগত যোৱা এটা পাঁচ জনীয়া দলে চলায় এই অভিযান। যদিহে কোনো অবৈধ প্ৰমাণ পত্ৰ পায় তেনেহলে প্ৰতিষ্ঠান সমূহৰ ওপৰত আইনী ব্যৱস্থা লোৱা হ'ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে গোলাঘাটৰ শ্ৰম বিষয়া ৰানা ইংতিয়ে।

গোলাঘাটত শ্ৰম বিভাগৰ অভিযান

ABOUT THE AUTHOR

...view details