গোলাঘাট,26 জানুৱাৰীঃ গোলাঘাট জিলাৰ খুমটাইৰ এটি পৰিচত নাম শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকল ৷ কিন্তু গণৰাজ্য দিৱসৰ এই দিনটোৰ পৰাই ৰখীয়াবিহীন হ’ল সূতাকলটো ৷ বিনা বেতনে মিলটোক সুৰক্ষা প্ৰদান কৰি অহা 8 গৰাকী সুৰক্ষা কৰ্মীয়ে শেষবাৰৰ বাবে গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰি ত্যাগ কৰিলে নিস্বাৰ্থভাৱে পালন কৰা নিজৰ দায়িত্ব ৷ সূতাকলটো সুৰক্ষা প্ৰদান কৰি আহিছে সুৰক্ষা কৰ্মীৰ তত্বাৱধায়ক নুমল গগৈ, কালিমুদ্দিন আহমেদ, এতুৱা মুড়া, অনিল ঠাকুৰ, ৰবি তুৰি, বুদ্ধেশ্বৰ তাঁতী, বিহুৰাম ৰাজগড় আৰু ৰঘু তাঁতীয়ে ৷
উল্লেখ্য যে, গোলাঘাট জিলাৰ খুমটাই বিধান সভা সমষ্টিৰ অন্তর্গত ডাবিডুবি সূতা কলটো অসম গণ পৰিষদ চৰকাৰৰ কাৰ্যকালত স্থাপন কৰা হৈছিল ৷ 1990 চনৰ 26 আগষ্টত মুকলি হৈ মাত্ৰ 3 বছৰ চলি 1993 চনৰ জুন মাহত বন্ধ হৈ যায় শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকলটো ৷ কলটো বন্ধ হৈ পৰা ফলত ৰাজ্যৰ লগতে গোলাঘাট জিলাৰ কেইবাশ কৰ্মচাৰী নিবনুৱা হৈ পৰে ৷ ৬৫৬ বিঘা ২ কঠা ১৩ লোছা মাটিত অৱস্থিত সূতাকলতো বৰ্তমান সময়ত হাবি জংঘলৰে ভৰি পৰাৰ লগতে বিভিন্ন বনৰীয়া জীৱ-জন্তুৰ বাসস্থানত পৰিণত হৈছে ৷ কিন্তু ইয়াৰ মাজতে উক্ত আঠজন সুৰক্ষা কৰ্মীয়ে পাল পাতি দিনে নিশাই পহৰা দি আহিছে শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকলক ৷ আনহাতে, সূতা কলটোত মুঠ ১৫৯ গৰাকী স্থায়ী কৰ্মচাৰী ১৫০ গৰাকী অস্থায়ী কৰ্মচাৰীৰ উপৰিও এক হেজাৰৰো অধিক শ্ৰমিক নিয়োজিত হৈ আছিল ৷ কলটো বন্ধ হৈ পৰাৰ ফলত অভাৱত পৰি ইতিমধ্যে বহু কেইজনে আত্মহত্যা কৰাৰ লগতে মুঠ ১৭ জন কৰ্মচাৰী মৃত্য হৈছে ৷