অসম

assam

ETV Bharat / state

চিৰকাললৈ বন্ধ হ'ব শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকল - 1990 চনৰ 26 আগষ্টত মুকলি কৰা হৈছিল এই সূতাকলটো

চিৰকাললৈ বন্ধ হোৱাৰ পথত শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকল ৷ 1990 চনৰ 26 আগষ্টত মুকলি কৰা হৈছিল এই সূতাকলটো ৷ কিন্তু মাত্ৰ 3 বছৰ কাৰ্যক্ষম হৈ থকাৰ অন্তত 1993 চনৰ জুন মাহত বন্ধ হৈ পৰিছিল সূতাকলটো ৷ অদক্ষ পৰিচালনাৰ বাবে কলটো বন্ধ হৈ পৰাৰ ফলত সেই সময়ত চাকৰি হেৰুৱাইছিল কলটোত কৰ্মৰত কেইবা শ কৰ্মচাৰীয়ে ৷

kushal konwar thread mill
শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকল

By

Published : Jan 24, 2020, 7:51 PM IST

গোলাঘাট, 24 জানুৱাৰী : জাগীৰোড আৰু কাছাৰ কালৰ পাচত এইবাৰ চিৰকাললৈ বন্ধ হোৱাৰ পথত শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকল ৷ আগন্তুক গণৰাজ্য দিৱসত অন্তিম বাৰলৈ জাতীয় পতাকা উৰিব 1990 চনতেই প্ৰতিষ্ঠা কৰা সূতাকলটোত হয় ৷ ডাঠ হাবি-জংঘলেৰে আৱৰি ধৰিছে গোলাঘাটৰ ডাবি ডুবিত অৱস্থিত শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকলটো ৷

কুশল কোঁৱৰ সমবায় সূতাকল

1990 চনৰ 26 আগষ্টত মুকলি কৰা হৈছিল এই সূতাকলটো ৷ কিন্তু মাত্ৰ 3 বছৰ কাৰ্যক্ষম হৈ থকাৰ অন্তত 1993 চনৰ জুন মাহত বন্ধ হৈ পৰিছিল সূতাকলটো ৷ অদক্ষ পৰিচালনাৰ বাবে কলটো বন্ধ হৈ পৰাৰ ফলত সেই সময়ত চাকৰি হেৰুৱাইছিল কলটোত কৰ্মৰত কেইবা শ কৰ্মচাৰীয়ে ৷ কিন্তু 1993 চনতেই বন্ধ হৈ পৰিলেও আজিও বিনাবেতনেৰে কলটো সুৰক্ষা দি আহিছে আঠ গৰাকী সুৰক্ষা কৰ্মী নোমল গগৈ,কালিমুদ্দিন আহমেদ,এটোৱা মূড়া,অনিল ঠাকুৰ,ৰবি তুৰী,বুদ্ধেশ্বৰ তাঁতী,বিহুৰাম ৰাজগড় আৰু ৰঘু তাঁতীয়ে ৷ পিচে এইবাৰৰ গণৰাজ্য দিৱসৰ পাচৰ পৰা সূতা কলটোৰ সুৰক্ষাৰ দ্বায়িত্বত নাথাকে এইকেইগৰাকী সুৰক্ষা কৰ্মী ৷

কুশল কোঁৱৰ সমবায় সূতাকলৰ সুৰক্ষা কৰ্মী

অসম গণ পৰিষদৰ কাৰ্যসকালতে প্ৰতিষ্ঠা আৰু বন্ধ হৈ পৰা 656 বিঘা 2 কঠা 13 লেচা মাটি আৱৰি থকা সূতাকলটোৰ চৌহত বৰ্তমান হাবি জংঘলেৰে ভৰি পৰাৰ লগতে বাঘ, শিয়াল, সাপ আদিৰ বাসস্থান হৈ পৰিছে ৷ সূতাকলটোত মুঠ 159 গৰাকী স্থায়ী কৰ্মচাৰী, 150 গৰাকী অস্থায়ী কৰ্মচাৰীৰ উপৰিও এহেজাৰৰো অধিক শ্ৰমিক নিয়োজিত হৈ আছিল ।

শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকল

কলটো বন্ধ হৈ পৰাৰ পিচত অভাৱত পৰি ইতিমধ্যে বহু কেইজনে আত্মহত্যা কৰাৰ লগতে মুঠ 22 জন কৰ্মচাৰীৰ মৃত্যু হৈছে । অহা 26 জানুৱাৰীয়েই হ'ব শ্বহীদ কুশল কোঁৱৰ সূতাকলৰ অস্তিত্ব ৰক্ষাৰ শেষ সময় । ৰখীয়া বিহীন হৈ পৰিব শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকল । বৰ্তমানৰ চৰকাৰে কি ব্যৱস্থা লয় সেইয়া হ'ব লক্ষণীয় ।

লগতে পঢ়ক : পুনৰ 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ অখিল গগৈ

ABOUT THE AUTHOR

...view details