অসম

assam

ETV Bharat / state

খুমটাইত অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ - Akhil Gogoi

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰদৰ্শন কৰে মানৱ শৃংখল কাৰ্যসূচী ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে খুমটাইৰ চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

KMSS Protest to free Akhil gogoi from jail khumtai golaghat assam etv bharat news
অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ

By

Published : Jul 29, 2020, 4:41 PM IST

খুমটাই,29 জুলাই: বুধবাৰৰ দিনটোত অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপৰিও এই প্ৰতিবাদত অংশগ্ৰহণ কৰে চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ কৃষক নেতাগৰাকীৰ মুক্তিৰ দাবীত সংগঠন দুটাই প্ৰদৰ্শন কৰে মানৱ শৃংখল কাৰ্যসূচী ৷ খুমটাইৰ অন্তৰ্গত কৰুণাটিং চাহ বাগিচাত প্ৰতিবাদ সাব্যস্ত কৰি সংগঠন দুটাই কৃষক নেতাগৰাকীৰ বিনাচৰ্তে মুক্তিৰ দাবী জনায় ৷ চৰকাৰে সংগঠন দুটাৰ দাবী মানি নল’লে পৰৱৰ্তী সময়ত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ

উল্লেখ্য যে,ইতিমধ্যে কৰ’ণাত আক্ৰান্ত হৈ অখিল গগৈয়ে চিকিৎসা গ্ৰহণ কৰি আছে ৷ প্ৰায় 6 মাহ পূৰ্বে আটক কৰা হৈছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীক ৷

লগতে চাওকঃবিশিষ্ট নাট্যকাৰ ঐশ্বৰ্য্য কাকতিলৈ 2020 চনৰ নটসূৰ্য ফণী শৰ্মা বঁটা

ABOUT THE AUTHOR

...view details