সৰুপথাৰ,12 জুলাই: কাৰাবন্দী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈকে ধৰি অন্যান্য নেতাসকলৰ মুক্তিৰ দাবীৰে দেওবাৰে সৰুপথাৰত সাব্যস্ত কৰা হৈছে প্ৰতিবাদ ৷ সংগঠনটোৰ নেতাগৰাকী কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা স্বত্বেও কাৰাগাৰ কৰ্তৃপক্ষ আৰু ৰাজ্য চৰকাৰে চিকিৎসাৰ ক্ষেত্ৰত গ্ৰহণ কৰা নাছিল কোনো ধৰণৰ ব্যৱস্থা ৷ চৰকাৰৰ উক্ত অমানৱীয় কাৰ্যৰ বিৰোধিতাৰে দেওবাৰে ধনশিৰিৰ অন্তৰ্গত টেঙানী অঞ্চলত মানৱ শৃংখল প্ৰদৰ্শনেৰে সাব্যস্ত কৰা হৈছে তীব্ৰ প্ৰতিবাদ ৷ অঞ্চলটোৰ খকণ্ডগুৰিত বৃহত্তৰ টেঙানী উন্নয়ন সংগ্ৰাম সমিতিৰ উদ্যোগত অনুষ্ঠিত উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে ৷
অখিল গগৈৰ মুক্তিৰ দাবীৰে সৰুপথাৰত প্ৰতিবাদ - Akhil Gogoi
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈসহ সংগঠনটোৰ কাৰাবন্দী নেতাসকলক শীঘ্ৰে বিনা চৰ্তে মুক্তিৰ দাবীত ধনশিৰিৰ টেঙানীত সাব্যস্ত কৰা হৈছে তীব্ৰ প্ৰতিবাদ ৷ চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবলৈ টেঙানীবাসীয়ে কুণ্ঠাবোধ নকৰিব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷
![অখিল গগৈৰ মুক্তিৰ দাবীৰে সৰুপথাৰত প্ৰতিবাদ KMSS protests demanding to free Akhil Gogoi from jail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7997102-thumbnail-3x2-a.jpg)
প্ৰতিবাদকাৰীসকলে আটাইকেইগৰাকী কাৰাবন্দী নেতাৰ বিনা চৰ্তে মুকলিৰ বাবে দাবী উত্থাপন কৰিছে চৰকাৰক ৷ লগতে চৰকাৰে কৰ’ণা ভাইৰাছৰ নামত নাটকীয় ভংগীমাৰে মুখত মাস্ক পিন্ধাতো বাধ্যতামূলক কৰি ৰাইজৰ প্ৰতিবাদী কণ্ঠ ৰূদ্ধ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰে ৷ পূৰ্বে বিগত বৰ্ষৰ শেষৰফালে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত যিদৰে ৰাইজে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল, একেদৰে এইবাৰো চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবলৈ টেঙানীবাসীয়ে কুণ্ঠাবোধ নকৰিব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷