অসম

assam

ETV Bharat / state

KMMS protest: ভূমিত ঠিকাদাৰৰ শেনচকু, নিশাৰ ভিতৰতে কোনে নিৰ্মাণ কৰিছে পকীঘৰ ? - ভূমিত ঠিকাদাৰৰ শেনচকু

নিশাৰ আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি ৰাজহুৱা অনুষ্ঠান চেনিকল ভূমিত একাদিক্ৰমে নিৰ্মাণ কৰা হৈছে শাৰী শাৰীকৈ পকী ঘৰ। জনৈক আগৰৱালা উপাধিৰ এজন ঠিকাদাৰে চেনিকল ভূমিত পকীঘৰ নিৰ্মাণ কৰা এক ভয়ংকৰ অভিযোগ উথাপিত হৈছে।

KMMS protest at Dergaon
ভূমিত ঠিকাদাৰৰ শেনচকু, নিশাৰ ভিতৰতে কোনে নিৰ্মান কৰিছে পকীঘৰ ?

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 9:21 PM IST

ভূমিত ঠিকাদাৰৰ শেনচকু, নিশাৰ ভিতৰতে কোনে নিৰ্মান কৰিছে পকীঘৰ ?

যোৰহাট, 25 আগষ্ট : গোলাঘাট জিলাৰ দেৰগাঁৱৰ বৰুৱা বামুন গাঁৱৰ চেনিকলৰ ভূমিত একাংশ ভূ-মাফিয়াৰূপী ঠিকাদাৰৰ আগ্ৰাসন। নিশাৰ আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি ৰাজহুৱা প্ৰতিষ্ঠানৰ ভূমিত একাদিক্ৰমে নিৰ্মাণ কৰা হৈছে শাৰী শাৰীকৈ পকী ঘৰ। জনৈক আগৰৱালা উপাধিৰ এজন ঠিকাদাৰে চেনিকলৰ ভূমিত পকীঘৰ নিৰ্মাণ কৰাৰ এক ভয়ংকৰ অভিযোগ উথাপিত হৈছে।

এই গুৰুতৰ অভিযোগ উত্থাপন কৰি শুকুৰবাৰে ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে সৈনিক স্কুল স্থাপন হ'বলগীয়া চেনিকলৰ ভূমি প্ৰশাসনৰ অজ্ঞাতে ঠিকাদাৰ ৰূপী ভূ-মাফিয়াই দখল কৰাক লৈ সৰৱ হৈ পৰিছে। আন এক গুৰুত্বপূৰ্ণ কথা যে, দেৰগাঁৱৰ বিভাগীয় প্ৰশাসন, গড়কাপ্তানী বিভাগেও নাজানে কাৰ অনুমতি লৈ নিৰ্মাণ কৰা হৈছে এই পকী ঘৰসমূহ।

আনহাতে ছাত্র মুক্তি সমিতিয়ে এই নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ দাবী জনোৱাৰ সমান্তৰালভাৱে দেৰগাঁও ৰাজহ চক্ৰ বিষয়া আৰু গোলাঘাট জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছিল ৷ ইয়াৰ পাচতে সাময়িকভাৱে এই ঘৰ নিৰ্মাণ কাৰ্য বন্ধ হৈছিল। কিন্তু পুনৰ এই কাৰ্য আৰম্ভ কিয় হ’ল আৰু কি কাৰণত ৰাজহুৱা প্ৰতিষ্ঠানৰ ভূমি বেদখলমুক্ত কৰাত কিয় প্ৰশাসনে কোনো ধৰণৰ দৃঢ় পদক্ষেপ গ্ৰহণ কৰা নাই, এই ঘটনাত ৰহস্যৰ গোন্ধ পাইছে সংগঠনটোৱে।

এই ক্ষেত্ৰত যদি প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া ৰাইজৰ সহযোগত সংগঠনটোৱে উচ্ছেদৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে । সেয়েহে ৰাজহুৱা ভূমি বেদখল মুক্ত কৰিবলৈ ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এনেদৰে বহু ৰাজহুৱা ভূমিত বেদখলকাৰীয়ে বেদখল কৰি অহাৰ বাতৰি প্ৰচাৰ হৈ আহিছে ৷

লগতে পঢ়ক:Assam Cabinet Meeting: হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ ১০০ সংখ্যক কেবিনেটত নতুন জিলা, উপ-জিলা গঠনৰ কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ABOUT THE AUTHOR

...view details