অসম

assam

ETV Bharat / state

"উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে বিজেপি চৰকাৰৰ প্ৰয়োজন আছে"-কিৰেণ ৰিজিজু - Cabinet Minister Kiren Rijiju

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰিছে (Kiren Rijiju visited Kaziranga )৷ কাজিৰঙাৰ ঐতিহ্য মণ্ডিত শ্ৰী শ্ৰী কাক গোঁসানী থানত ভগৱানৰ আশীষ লৈ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে কৰে এই মন্তব্য (Cabinet Minister Kiren Rijiju in Assam)৷

Kiren Rijiju visited Kaziranga Shri Shri Kako Gukhani than
"উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে বিজেপি চৰকাৰৰ প্ৰয়োজন আছে"-কিৰেণ ৰিজিজু

By

Published : Sep 22, 2022, 2:18 PM IST

কাজিৰঙা, 22 ছেপ্টেম্বৰ: "বৰষুণৰ মাজতো মন্দিৰলৈ আহি মই অত্যন্ত সুখী হৈছো ৷ মন্দিৰত সেৱা কৰি মই আশীৰ্বাদ ললো ৷ লগতে মন্দিৰটোত কি কি সমস্যা হৈ আছে সেই সন্দৰ্ভতো মন্দিৰ কৰ্তৃপক্ষই মোক স্মাৰক পত্ৰ জমা দিছে ৷ মোৰ দ্বাৰা যিমান সম্ভৱপৰ হয় মই সহায় কৰিম বুলি কথা দিছো ৷ এই ঐতিহাসিক মন্দিৰটো সংৰক্ষণ কৰাত আমাৰ সকলোৰে দায়িত্ব আছে ৷ উত্তৰ পূৰ্বাঞ্চল মোৰ নিজৰ অঞ্চল সেইবাবে ইয়াৰ ওপৰত মোৰো দায়িত্ব সমানেই ৷" কাজিৰঙাৰ ঐতিহ্য মণ্ডিত শ্ৰী শ্ৰী কাক গোঁসানী থানত ভগৱানৰ আশীষ লৈ বৃহস্পতিবাৰে পুৱা উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই মন্তব্য কৰে (Cabinet Minister Kiren Rijiju in Assam)৷

উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে বিজেপি চৰকাৰৰ প্ৰয়োজন আছে

লগতে তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰিছে (Kiren Rijiju visited Kaziranga )৷ উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে বিজেপি চৰকাৰৰ প্ৰয়োজন আছে ৷ দেশত বৰ্তমান ৪ কোটি ৮০ লাখ গোচৰ স্থগিত হৈ আছে ৷

ইয়াৰে উচ্চ ন্যায়ালয়ত ৬০ লাখ, নিম্ন আদালতত ৮৫ শতাংশ আৰু উচ্চতম ন্যায়ালয়ত ৭০ হাজাৰটা গোচৰ এতিয়াও স্থগিত হৈ আছে ৷ ইয়াৰে অধিকাংশ গোচৰে সামাধান কৰা হৈছে যদিও নতুন নতুন গোচৰে পুনৰ সংখ্যা বৃদ্ধি কৰিছে ৷

লগতে পঢ়ক:গুৱাহাটীৰ হাতীগাঁৱত গ্ৰেপ্তাৰ PFIৰ নেতা

ABOUT THE AUTHOR

...view details