গোলাঘাট, 28 নৱেম্বৰ: গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰ নগৰাঞ্চলৰ কুঞ্জকাননত কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেন ৰিজিজুৰ সংবাদ মেল(Kiren Rijiju press meet)। অইল ইণ্ডিয়া, বায়’ ৰিফাইনেৰী আৰু এন আৰ এলৰ পৰ্যালোচনা আলোচনাৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংবাদ মেল সম্বোধন কৰে । মুঠতে চল্লিশ হাজাৰ কোটি টকা এন আৰ এল আৰু ইয়াৰ সহযোগী অংশীদাৰি প্ৰতিষ্ঠানক বিনিয়োগ হ’ব বুলি জানিবলৈ দিয়ে ৷
“প্ৰধানমন্ত্ৰীৰ পৰিকল্পনাৰ প্ৰতি সমৰ্থন জনায় মুখ্যমন্ত্ৰীয়ে অসমক প্ৰগতিৰ নতুন দিশলৈ আগবঢ়াই নিছে ৷ এনআৰএলৰ কুঞ্জবনত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুয়ে আয়োজন কৰা সংবাদমেলত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়(Central minister Kiren Rijiju press meet) । উন্নয়নৰ ক্ষেত্ৰত আজিৰ পৰা ন বছৰৰ আগৰ উত্তৰ-পূৰ্বাঞ্চল আৰু আজিৰ উত্তৰ-পূৰ্বাঞ্চলৰ মাজৰ পাৰ্থক্য আজি সাধাৰণ জনতাৰ চকুতো স্পষ্ট হৈ পৰিছে বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰিকল্পনাৰ প্ৰতি সমৰ্থন জনায় অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ হাব অসমক প্ৰগতিৰ এক নতুন দিশেৰে আগবঢ়াই লৈ যাবলৈ সক্ষম হৈছে বুলি তেওঁ সংবাদমেলত কয়(Assam CM Himanta Biswa Sarma) ৷
বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক বিকাশৰ বাবে যিদৰে কাম কৰি গৈছে, সেই কামৰ স্বীকৃতি স্বৰূপেই ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ সৈতে জড়িত হৈছে বুলি উল্লেখ কৰে ৷ পুৱাৰ ভাগত মন্ত্ৰীগৰাকীয়ে এনআৰএলৰ সম্প্ৰসাৰণৰ লগতে অন্যান্য ক্ষেত্ৰৰ কৰ্মাৱলীৰ অগ্ৰগতিৰ বুজ লয় বুলি জানিব পৰা গৈছে ৷ সংবাদমেলখনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে এনআৰএল আৰু অসম বায়’ ৰিফাইনেৰী আদি এনআৰএলৰ স’তে জড়িত প্ৰতিষ্ঠানসমুহত কেন্দ্ৰীয় চৰকাৰখনে প্ৰায় চল্লিশ হাজাৰ কোটি টকা ব্যয়ৰ লক্ষ্য লৈছে ৷