অসম

assam

ETV Bharat / state

খুমটাইৰ যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত ৰাজহুৱা অনাময় গৃহ মুকলি - tourisiom

গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ যোগীবাৰীত আজি মুকলি কৰে এটা ৰাজহুৱা অত্যাধুনিক অনাময় গৃহ । এই ৰাজহুৱা অনাময় গৃহতি মুকলি কৰে বিধায়ক মৃনাল শইকীয়াই ৷

খুমটাইৰ যোগীবাৰী গ্ৰাম্য পৰ্য্যটন ক্ষেত্ৰত ৰাজহুৱা অনাময় গৃহ মুকলি

By

Published : Jul 11, 2019, 11:37 PM IST

গোলাঘাট, 11 জুলাইঃ গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ যোগীবাৰীত বৃহস্পতিবাৰে মুকলি কৰে এটা ৰাজহুৱা অত্যাধুনিক অনাময় গৃহ । এই ৰাজহুৱা অনাময় গৃহটো মুকলি কৰে বিধায়ক মৃনাল শইকীয়াই।

গোলাঘাট জিলা গ্ৰামীণ উন্নয়ন অভিকৰণ আৰু কেন্দ্ৰীয় উন্নয়ন খণ্ড কঠালগুৰিৰ দ্বাৰা গঠিত আৰু নিৰ্মাণ সমিতিৰ দ্বাৰা নিৰ্মিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ SOPD ২০১৭-১৮ অন্তৰ্গত আৰু ২০১৮-২০১৯ বৰ্ষৰ অনুমোদিত সৰ্বমুঠ ৮ লাখ টকাৰে নিৰ্মিত ৰাজহুৱা অনাময় গৃহ মুকলি কাৰ্য্যসূচী অনুষ্ঠিত হয় । এই মুকলি কাৰ্যসূচীত অংশগ্ৰহণ কৰে খুমটাইৰ সমষ্টিৰ বিধায়ক মৃনাল শইকীয়া,গোলাঘাট জিলাৰ উপাযুক্ত ধীৰেন হাজৰিকা আৰু বিভাগীয় বিষয়ববিয়াই।

খুমটাইৰ যোগীবাৰী গ্ৰাম্য পৰ্য্যটন ক্ষেত্ৰত ৰাজহুৱা অনাময় গৃহ মুকলি

পযৰ্টক সকলৰ সুবিধাৰ বাবে এই অত্যাধুনিক গৃহতি নিৰ্মাণ কৰা হৈছে বুলি কয় বিধায়ক গৰাকীয়ে। আৰু চৰকাৰে প্ৰত্যোক সমষ্টি ভিত্তিত এই আচনি আগবঢ়াইছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। ইয়াৰ উপৰিও অত্যাধুনিক গৃহটিত সৌৰ শক্তিৰ দ্বাৰা সম্পূৰ্ণ পোহৰৰ ব্যৱস্থা কৰা হৈছে ।

ABOUT THE AUTHOR

...view details