খুমটাই, 24 জুনঃ খুমটাই গৰিয়াজান চাহ বাগিচাত অৰাজক পৰিস্থিতি৷ এগৰাকী বিধবা মহিলাই এজন ২৬ বছৰীয়া যুৱকৰ লগত বিবাহ পাশত আবদ্ধ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত । ফোনত চিনাকী হৈ আঠদিন ধৰি গৰিয়াজান চাহ বাগিচাৰ এটা বস্তিত এগৰাকী মহিলাৰ লগত আত্মগোপন কৰি আছিল ৰিতুল হুছেইন নামৰ যুৱকজনে ৷
বিধৱা মহিলাৰে প্ৰেম বিবাহ কৰি ৰঙাঘৰ পালেগৈ যুৱক - খুমটাই
খুমটাই গৰিয়াজান চাহ বাগিচাত এগৰাকী বিধবা মহিলাই ২৬ বছৰীয়া যুৱকৰ লগত বিবাহ পাশত আবদ্ধ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত । যুৱকজনে প্ৰায় আঠদিন ধৰি মহিলাগৰাকীৰ ঘৰত আত্মগোপন কৰাক লৈ উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ ৷
ডিব্ৰুগড়ৰ পল্টন বজাৰৰ বুলি চিনাকি দিয়া ৰিতুল হুছেইন আৰু বিধবা মহিলাগৰাকী সোমবাৰে পৰিয়ালৰ অজ্ঞাতে এটা মন্দিৰত বিবাহপাশত আৱদ্ধ হয় । স্থানীয় ৰাইজ আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ যুৱকজনৰ ওপৰত সন্দেহ জন্মাত সোধাপোছা কৰাত যুৱকজনে প্ৰায় আঠদিন ধৰি মহিলাগৰাকীৰ ঘৰত আত্মগোপন কৰাৰ কথা স্বীকাৰ কৰে ৷ এই কথা জানিব পাৰি চাহ বাগিচাৰ লোক সকলৰ মাজত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয় । অৱশেষত ঘটনা স্থলীত দেৰগাওঁ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে যুৱক জন আৰু মহিলা গৰাকীক কৰায়ত্ত কৰে । আনহাতে স্থানীয় ৰাইজে যুৱকজনৰ পৰা পৰিচয়ৰ নথি-পত্ৰ বিচৰাত একো প্ৰমাণ দেখুৱাব নোৱাৰাৰ বাবে যুৱকজনক বাংলাদেশী বুলিও সন্দেহ কৰিছে ।
আৰু পঢ়কঃ 21 বছৰীয়া গৰ্ভৱতী মহিলাক গুলীয়াই হত্যা