অসম

assam

ETV Bharat / state

খুমটাইৰ ঐতিহাসিক বৰগুৰি সমন্বয় ক্ষেত্ৰত ভক্তৰ সোঁত

খুমটাইৰ ঐতিহাসিক বৰগুৰি সমন্বয় ক্ষেত্ৰত ভক্তৰ সোঁত ৷ কাতি মাহৰ তৃতীয় দেওবাৰত উপস্থিত হয় অসমৰ বিভিন্ন প্ৰান্তৰ ভক্ত ৷ ক'ভিড-19 ৰ বাবে চলিত বৰ্ষত কিছু কাৰ্যসূচী বাতিল কৰা হৈছে যদিও অনুষ্টুপীয়াকৈ পালন কৰা হৈছে কাৰ্যসূচী ৷

By

Published : Nov 1, 2020, 4:35 PM IST

Khumtai's historical Barguri is a fan's point of view in terms of coordination
খুমটাইৰ ঐতিহাসিক বৰগুৰি সমন্বয় ক্ষেত্ৰত ভক্তৰ সোঁত

খুমটাই, 1 নৱেম্বৰ :ক'ভিড-19 ৰ বাবে খুমটাইৰ ঐতিহাসিক বৰগুৰি সমন্বয় ক্ষেত্ৰত ভোগ দিয়া কাৰ্যসূচী বাতিল কৰিছিল যদিও দেওবাৰে অসমৰ বিভিন্ন প্ৰান্তৰ ভক্ত সকল উক্ত স্থানত উপস্থিত হৈ চাকি বন্তি জ্বলাই মংগল কামনা কৰে ।

উল্লেখ্য যে, প্ৰতিবছৰে পূৰ্ব পুৰুষৰ পৰম্পৰা অনুসৰি কাতি মাহত বৰগছজোপাৰ তলতে হাঁহ-কোমোৰাৰে দিয়া হয় গৰখীয়া ভোগ ৷ লোকবিশ্বাস অনুসৰি এই বৰভোগত হাঁহ-কোমোৰাই ভোগ আগবঢ়ালে পূৰ্ণ হয় মনৰ কামনা । সেয়ে প্ৰতিবছৰে অসমৰ বিভিন্ন ঠাইৰ পৰা অহা ভক্ত সকলে পুৱতি নিশাৰ পৰাই বৰগুৰি ঐতিহাসিক সমন্বয় ক্ষেত্ৰত সেৱা আগবঢ়াই ৷

খুমটাইৰ ঐতিহাসিক বৰগুৰি সমন্বয় ক্ষেত্ৰত ভক্তৰ সোঁত

পূৰ্বৰ দৰে চলিত বৰ্ষতো অনুষ্টুপীয়াকৈ কাতি মাহৰ তৃতীয়টো দেওবাৰত ভোগ আগবঢ়াবলৈ উপস্থিত হ’ল অসমৰ বিভিন্ন ঠাইৰ পৰা অহা ভক্তসকল । উল্লেখ্য যে, কৰ'ণা মহামাৰীৰ বাবে এইবাৰ ভোগ দিয়া কাৰ্যসূচী বাতিল কৰা হৈছে ঐতিহাসিক বৰগুৰি সমন্বয় ক্ষেত্ৰত ৷

লগতে পঢ়ক :প্ৰধানমন্ত্ৰীৰ বায়'পিকৰ পুনৰ মুক্তিয়ে নিৰ্বাচনত প্ৰভাৱ নেপেলায়: নিৰ্বাচন আয়োগ

ABOUT THE AUTHOR

...view details