খুমটাই্, 18 এপ্ৰিল:গোলাঘাট জিলাৰ খুমটাইৰ এলেংমুৰীয়া গাঁৱৰ দুই ভাতৃৰ মহানুভৱতা ৷ দেশজুৰি ঘোষণা কৰা লক ডাউনৰ ফলত খাদ্য সংকটে দেখা দিয়া প্ৰায় ১০০ টা দৰিদ্ৰ পৰিয়ালক নিজা সাধ্যানুসৰি দুই ভাতৃয়ে সহায় কৰে । খুমটাইৰ এলেংমুৰীয়া গাঁৱৰ প্ৰাঞ্জল দত্ত আৰু প্ৰীতম দত্ত নামৰ দুই ভাতৃয়ে সহায় কৰিলে বহুলোকক ৷ লক ডাউনৰ ফলত এতিয়া সমগ্ৰ ভাৰতবৰ্ষৰ লগতে স্তব্ধ হৈ পৰিছে অসমো ৷ তেনে সময়ত বহু পৰিয়াল যথেষ্ট সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে ৷ দিন হাজিৰা কৰি কোনোমতে পেটে ভাতে খাই থকা পৰিয়ালসমূহক সহায়ৰ বাবে আগবাঢ়ি আহিল খুমটাইৰ এলেংমুৰীয়া গাঁৱৰ দুই ভাতৃ ৷ এলেংমুৰীয়া গাঁৱৰ প্ৰাঞ্জল দত্ত আৰু প্ৰীতম দত্ত নামৰ ভাতৃদ্বয়ে সমীপৱৰ্তী গাঁও কেইখনৰ প্ৰায় ১০০ টা দৰিদ্ৰ পৰিয়ালক চাউল,দাইল,আলু,পিঁয়াজ,আটা,চাবোন আদি অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰে ৷
লক ডাউনঃ খুমটাইৰ দুই ভাতৃৰ 100 পৰিয়ালক সাহাৰ্য - খুমটাইৰ এলেংমুৰীয়া
লক ডাউনৰ ফলত এতিয়া সমগ্ৰ ভাৰতবৰ্ষৰ লগতে স্তব্ধ হৈ পৰিছে অসমো ৷ তেনে সময়ত বহু পৰিয়াল যথেষ্ট সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে ৷ দিন হাজিৰা কৰি কোনোমতে পেটেভাতে খাই থকা পৰিয়ালসমূহক সহায়ৰ বাবে আগবাঢ়ি আহিল খুমটাইৰ এলেংমুৰীয়া গাঁৱৰ দুই ভাতৃ ৷
লক ডাউনঃ খুমটাইৰ দুই ভাতৃৰ 100 পৰিয়ালক সাহাৰ্য
যিসময়ত ৰাজ্যখনত লক ডাউনৰ ফলত বহুতো পৰিয়াল যথেষ্ট কষ্টৰ সন্মুখীন হ’ব লগা হৈছে তেনে সময়ত খুমটাইৰ এলেংমুৰীয়া গাঁৱৰ এই দুই ভাতৃৰ কাৰ্যক শলাগ লৈছে অঞ্চলটোৰ ৰাইজে ৷
লগতে পঢ়ক :সামাজিক দুৰত্ব বজাই ৰাখি শাৰী পাতিলে ফাৰ্মাচীত মন্ত্ৰী ৰণজিৎ দত্তই