খুমটাই,30 জুলাইঃ ১৯৮৭ চনতে আধাৰশিলা স্থাপন কৰা হৈছিল কুশল কোঁৱৰ সূতাকলৰ ৷ ১৯৯০ চনৰ পৰা ১৯৯৩ চনলৈ পূৰ্ণগতিত উৎপাদনৰ কাম চলিছিল সূতাকলটোত। স্থানীয় বহু যুৱক যুৱতীৰ সংস্থাপন থল এই সূতাকলটো কিন্তু ক্ৰমাৎ অচল হৈ পৰিল ৷ বৰ্তমানৰ সময়লৈকে অচল অৱস্থাত পৰি আছে সূতাকলটো। সূতা কলটোৰ সৰ্বমুঠ মাটিকালি ৫৫৮ বিঘা। সূতাকলটো বন্ধ হৈ পৰাৰ ফলত অন্ধকাৰ দিশলৈ গতি কৰিছে সূতাকলটোত কৰ্মৰত যুৱক-যুৱতী সকলৰ ভবিষ্যত।
ভূত বাংলাত পৰিণত খুমটাইৰ শ্বহীদ কুশল কোঁৱৰৰ সূতাকল
কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালতেই সূতাকলটো আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও এই প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়েই হৈ ৰ'ল। শ্বহীদ গৰাকীৰ নামত নামাকৰণ কৰা এই সূতাকলটো অৱহেলিত হোৱাত শ্বহীদ কুশল কোঁৱৰক অপমান কৰা বুলি ক্ষোভ প্ৰকাশ স্থানীয় ৰাইজৰ।
স্থানীয় ৰাইজৰ তৎপৰতাত বৰ্তমানেও সুৰক্ষিত অৱস্থাত আছে সূতাকলটো। সূতাকলটোত স্থায়ীভাৱে স্থানীয় ৭ জন লোক ৰখীয়া হিচাপে নিয়োজিত হৈ আছে যদিও বহু বছৰ ধৰি তেওঁলোকে কোনো পাৰিশ্ৰমিক পোৱা নাই বুলি জানিবলৈ দিয়াৰ লগতে ইয়াৰ ফলত বহু সমস্যাৰ সন্মুখীন হোৱা বুলিও জনায়। বিগত সময়ছোৱাত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত সূতাকলটো আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও এই প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়েই হৈ ৰ'ল। শ্বহীদ গৰাকীৰ নামত নামাকৰণ কৰা এই সূতাকলটো এনেধৰণে পৰি ৰোৱাত শ্বহীদ কুশল কোঁৱৰক চৰম অপমান কৰা বুলি ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে।