অসম

assam

ETV Bharat / state

খুমটাইৰ ঢেকিয়াল সমবায় সমিতিৰ প্ৰশংসনীয় পদক্ষেপ - কৃষিমন্ত্ৰী

কৰ্মদক্ষতাৰ বাবে অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ কৃষিমন্ত্ৰীৰ পৰা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে খুমটাইৰ ঢেকিয়াল সমবায় সমিতিয়ে ৷

খুমটাইৰ ঢেকিয়াল সমবায় সমিতিৰ প্ৰশংসনীয় পদক্ষেপ

By

Published : Jun 19, 2019, 5:29 AM IST

Updated : Jun 19, 2019, 7:58 AM IST

গোলাঘাট,19 জুনঃ গোলাঘাট জিলাখনৰ ভিতৰতে আদৰ্শ সমবায় সমিতি হিচাবে জিলিকি উঠিছে খুমটাইৰ ঢ়েকিয়াল সমবায় সমিতি ৷ সমবায় সমিতিখনে কেইবা হাজাৰ হিতাধিকাৰীক চৰকাৰী ভাবে আগবঢ়োৱা সামগ্ৰী সমূহৰ উপৰিও দৈনিক ব্যৱহাৰ কৰা অতাৱশ্যকীয় সামগ্ৰী সমূহ সুলভ মূল্যত যোগান ধৰি আহিছে । ইয়াৰ উপৰিও নিজা পূঁজিৰ পৰা আৰু এপেক্স বেংক (নাবাডৰ্ৰ) যোগেদি অংশীদাৰ সকলক ঋণ প্ৰদান কৰি বিভিন্ন দিশত আগুৱাই নিবলৈ সক্ষম হৈছে । এই সমবায় সমিতি খনে ধনশিৰি নৈৰ পাৰত বহু বিঘা মাটিত বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰি বৃহৎ অঞ্চলৰ জনসাধাৰণক সুলভ মূল্যত পাচলি যোগান ধৰি আহিছে ।

খুমটাইৰ ঢেকিয়াল সমবায় সমিতিৰ প্ৰশংসনীয় পদক্ষেপ

ঢেকিয়াল সমবায় সমিতিয়ে যোৱা সময়ছোৱাত ভয়ংকৰ বানৰ কবলত পৰা বানপীড়িত ৰাইজৰ বাবে মুখ্যমন্ত্ৰী বান সাহাৰ্য পূঁজিলৈ আৰ্থিক ভাৱে অনুদান আগবঢ়োৱা কাৰ্যক একে মুখে শলাগ লৈছে অসম বাসী ৰাইজে ৷ ৰাইজক কম মূল্যত টেক্টৰ যোগান ধৰাৰ লগতে 'Micko incurance' নামেৰে প্ৰত্যেক হিতাধিকাৰী একোটিকৈ ক্ষুদ্ৰ বীমা আঁচনিৰ পলিচী খোলাৰ ব্যৱস্থা কৰিছে । এই সমবায় সমিতিখনত বৰ্তমান ২০জন শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে কৰ্ম-সংস্থাপন পাবলৈ সক্ষম হৈছে । এই বষৰ্ত মুঠ ৭৮,১৫,৫১৬ টকা খাদ্য সামগ্ৰীৰ ব্যৱসায় কৰিছে সমিতি খনে ৷ এই সমবায় সমিতি খনৰ বৰ্তমানৰ সভাপতি মহেন হাজৰিকা আৰু সমিতিখনৰ সমূহ বিষয়ববীয়াৰ একান্ত প্ৰচেষ্টাৰ ফলতেই ৰাজ্যখনৰ ভিতৰতে জিলিকি উঠিবলৈ সক্ষম হৈছে খুমটাইৰ ঢেকিয়াল সমবায় সমিতি ৷

Last Updated : Jun 19, 2019, 7:58 AM IST

ABOUT THE AUTHOR

...view details