গোলাঘাট,17 অক্টোবৰ : শনিবাৰে নিজ বাসগৃহত খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ সংবাদমেল সম্বোধন ৷ সংবাদমেলযোগে খুমটাই সমষ্টিৰ অন্তৰ্গত ডাবিডুবিত নিৰ্মাণ হ’বলগীয়া আন্তৰ্জাতিক সাঁচি গছ বাণিজ্য আৰু গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰাৰ আগতেই দুস্কৃতিকাৰী চক্ৰৰ ধন সংগ্ৰহৰ কৌশল বুলি মন্তব্য় কৰে বিধায়ক গৰাকীয়ে ৷
সাঁচি গছ বাণিজ্য আৰু গৱেষণা কেন্দ্ৰত দুস্কৃতিকাৰীৰ ধন সংগ্ৰহৰ কৌশল - আধাৰশিলা
খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই সংবাদমেলযোগে খুমটাই সমষ্টিৰ অন্তৰ্গত ডাবিডুবিত নিৰ্মাণ হ’বলগীয়া আন্তৰ্জাতিক সাঁচি গছ বাণিজ্য আৰু গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন নকৰোতেই দুস্কৃতিকাৰীৰ ধন সংগ্ৰহৰ কৌশল আৰম্ভ বুলি বিধায়ক মৃণাল শইকীয়াই উল্লেখ কৰে ৷
বিধায়ক মৃণাল শইকীয়াৰ সংবাদমেল
লগতে তেওঁ কয় যে,NDF & Agorwood নামৰ এক ভুৱা প্ৰতিষ্ঠানে জিলাখনৰ বিভিন্ন প্ৰান্তত কৃষকৰ ঘৰে ঘৰে সাঁচি গছৰ জৰীপৰ নামত এখন ফৰ্ম পূৰণ কৰোৱাই প্ৰতিঘৰৰ পৰা 100-200 টকা সংগ্ৰহ কৰি আহিছে । এই ক্ষেত্ৰত এনে ভণ্ড লোকৰ কথাত ভোল নাযাবলৈ আহ্বান জনাইছে বিধায়ক শইকীয়াই ৷
লগতে পঢ়ক :কৰিমগঞ্জত ভয়ংকৰ অগ্নিকাণ্ড: ভষ্মীভূত লক্ষাধিক টকাৰ সম্পত্তি