খুমটাই, 24 জুলাইঃ খুমটাইৰ ঐতিহাসিক চিনাতলি বৰ নামঘৰত জাৱৰ নিষ্কাষনৰ নতুন বিজ্ঞান সন্মাত প্ৰকল্প ৷ সমগ্ৰ ভাৰত তথা অসমত ভয়ংকৰ প্ৰদূষণৰ বাবে মৰাত্মক ৰোগৰ ফলত মৃত্যু মুখত পৰিছে , তেনে সময়তেই চিনাতলি বৰনামঘৰ সমাজ পৰিষদে গাওঁখনৰ বিভিন্ন স্থানৰ লগতে গাওঁ খনৰ মূল সেৱাৰ স্থলী বৰনামঘৰৰ প্ৰাংগনত এক বিজ্ঞান সন্মত ভাৱে এক বৃহৎ জাৱৰ নিষ্কাষন প্ৰকল্প গঢ়ি তুলিছে ।
জাৱৰ নিষ্কাষনৰ নতুন বিজ্ঞান সন্মাত প্ৰকল্প - Khumtai garbage disposal project
খুমটাইৰ ঐতিহাসিক চিনাতলি বৰ নামঘৰত ৰাইজৰ প্ৰচেষ্টাত উদ্ভাৱন কৰা হৈছে জাৱৰ নিষ্কাষনৰ নতুন প্ৰকল্প ৷
জাৱৰ নিষ্কাষনৰ নতুন বিজ্ঞান সন্মাত প্ৰকল্প
এই প্ৰকল্পত যিসমূহ বস্তু পচে সেইসমূহ এটা স্থানত আৰু পলিথিন, প্লাষ্টিক বটল, কাঁচ, লাইটৰ বাল্ব, মাটিৰ কলহ,মাটিৰ চাকি, ইত্যাদি সমূহ ভাগ ভাগ কৰি থোৱাৰ ব্যৱস্থা কৰা হৈছে ৷ এই সমিতি খনে সমগ্র অঞ্চল সমূহত এক সজাগতা অনাৰ বাবে প্ৰসংসনীয় কাৰ্যসূচী হাতত লৈছে । এখন প্ৰদূষণ মুক্ত অঞ্চল গঢ়াৰ লক্ষ্যৰে আগবঢ়া কাৰ্যক সকলোৱে একে মূখে সলাগ লৈছে ।