খুমটাই,22আগষ্টঃ যি সময়ত নৱপ্ৰজন্ম কৃষিৰ প্ৰতি আকৃষ্ট হৈছে তেনে সময়ত খুমটাইৰ এগৰাকী কৃষকে কৃষিৰ জৰিয়তে ৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷ কৃষকজনে প্ৰায় ২০ বিঘা মাটিত এখন মিশ্ৰিত কৃষিপাম গঢ়ি তুলি স্বাৱলম্বী হোৱাৰ লগতে সমগ্ৰ ভাৰতৰ ভিতৰতে শ্ৰেষ্ঠ কল খেতিয়ক সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷ এইগৰাকী খুমটাইৰ বুঢ়ালিকচন গাঁৱৰ শিক্ষিত যুৱক পল্লৱ গগৈ ৷ যুৱকজনে প্ৰায় ২০ বিঘা মাটিত কলগছ, চাহ গছ, উন্নত প্ৰজাতিৰ গাহৰি, মাছ, সাঁচি, তামোল, নাৰিকল, জালুক আদিৰ খেতি কৰি বছৰি প্ৰায় ৩০ লাখ টকা উপাৰ্জন কৰাৰ কথা উল্লেখ কৰিছে ৷
ৰাষ্ট্ৰীয় সন্মানেৰে পুৰস্কিত খুমটাইৰ কৃষক পল্লৱ গগৈ - শ্ৰেষ্ঠ কল খেতিয়ক
খুমটাইৰ বুঢ়ালিকচন গাঁৱৰ শিক্ষিত যুৱক পল্লৱ গগৈয়ে কৃষি কৰ্মৰ জৰিয়তে ৰাষ্ট্ৰীয় পুৰস্কাৰে সন্মানীত হ’বলৈ সক্ষম হৈছে । পল্লৱ গগৈয়ে বিভিন্ন ধৰণৰ খেতি কৰি আহিছে । বিশেষকৈ কল খেতিৰ বাবে এই পুৰস্কাৰ প্ৰদান কৰিছে তামিলনাডুৰ ৰাষ্ট্ৰীয় কল অনুসন্ধান কেন্দ্ৰৰ পৰা । পুৰস্কাৰ লাভ কৰি উৎফুল্লিত হৈ পৰিছে কৃষক পল্লৱ গগৈ ।
উল্লেখযোগ্য যে, এই কৃষিকৰ্মৰ বাবে যুৱকজনক তামিলনাডুৰ ICAR-National Research Center for Banana (ৰাষ্ট্ৰীয় কল অনুসন্ধান কেন্দ্ৰ)ৰ পৰা শ্ৰেষ্ঠ কল খেতিয়ক ২০২০ সন্মান প্ৰদান কৰিছে ৷ এই বৰ্ষৰ জানুৱাৰী মাহত তামিলনাডুৰ ৰাষ্ট্ৰীয় কল অনুসন্ধান কেন্দ্ৰৰ পৰা পৰ্যবেক্ষণ কৰিছিলে পল্লৱ গগৈৰ কৃষিপাম ৷ সমগ্ৰ ভাৰতত চলোৱা এই পৰ্যবেক্ষণত ২০২০ বৰ্ষৰ শ্ৰেষ্ঠ কল খেতিয়ক সন্মান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে পল্লৱ গগৈয়ে ৷ কৃষি বিভাগৰ পৰা এতিয়ালৈকে বিশেষ সা-সুবিধা লাভ নকৰা পল্লৱে এই কৃষিপামখনত জড়িত হোৱাৰ উপৰিও কেইবাগৰাকী লোক এই পামত জড়িত হৈ নিজৰ পৰিয়াল পোহপাল দি আহিছে ৷
আনহাতে কৃষকজনে এই সন্মান লাভ কৰাৰ পিছত তেওঁৰ পামত গোলাঘাট কৃষি বিষয়া উপস্থিত হৈ পল্লৱ গগৈক অভিনন্দন জনোৱাৰ লগতে অনাগত দিনত সা-সুবিধা দিয়াৰ কথা উল্লেখ কৰে ৷ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৃষি কাৰ্য কৰা পল্লৱ গগৈয়ে শিক্ষিত নিবনুৱা সকলক মিশ্ৰিত কৃষিপামৰ যোগেদি আত্মনিৰ্ভৰশীল হ’বলৈ আহ্বান জনাইছে ।
লগতে পঢ়কঃবৰপেটাত সমবায় সমিতিৰ বৃহৎ পৰিমাণৰ চোৰাং চাউল জব্দ