অসম

assam

ETV Bharat / state

আলহী নহা এখন গাঁও..কিন্তু কিয় নাহে আলহী? - ETV BHARAT

আলহীৰ পদধূলা নপৰা এখন গাঁও, দৰা-কইনা বাবেও অভিশপ্ত হৈ পৰিছে গাঁৱখন। কিন্তু কিয় আলহী নাহে এই গাঁৱখনলৈ?

আলহী নহা এখন গাঁও..কিন্তু কিয় নাহে আলহী গাঁৱখনলৈ ?

By

Published : Mar 31, 2019, 4:28 AM IST

খুমটাই,31 মাৰ্চ: সততে আলহীয়ে ভৰি দিব নোখোজা এই গাঁওখন কলিয়াবৰ লোকসভা সমষ্টিআৰু খুমটাই বিধানসভা সমষ্টিৰ শেনছোৱা বৰুৱানীচুক। এতিয়া আপুনি হয়তো ভাবিছে কিয় গাঁওখনলৈ আলহী নাহে? এই সমস্যাৰ মূল কাৰণ হ'ল গাঁওখনৰ এই মূল পথছোৱা। দীৰ্ঘদিন ধৰি শিল এচপৰাও নপৰা এই পথছোৱাৰ বাবেদুৰ্ভোগ ভুগি আহিছে গাঁওবাসীয়ে। বাৰিষা আহিলেই একাঁঠু বোকা হয় পথছোৱাত।

আলহী নহা এখন গাঁও..কিন্তু কিয় নাহে আলহী গাঁৱখনলৈ ?
কিন্তু পথটো নিৰ্মাণৰ ক্ষেত্ৰত বৰ্তমানলৈ আগবাঢ়ি নাহিল কোনো এখন চৰকাৰ তথা জনপ্ৰতিনিধি। যাৰবাবে পথছোৱাৰ দুৰৱস্থাৰ বাবে গাঁওখনৰ ল'ৰালৈ ছোৱালী বিয়া নিদিয়ে আন গাঁৱৰ লোকে। আনকি বাৰিষাকালত পথৰ বোকাময় অৱস্থাৰ বাবেগাঁওখনলৈ আলহীৰো আগমন নহয় ৷এক কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৱে সংযোগ কৰিছে শেনছোৱা আলি আৰু তামুলীচুক। বছৰ বছৰ ধৰি জনপ্ৰতিনিধিৰ নিৰ্লিপ্ততাত ক্ষোভিত হৈ পৰা গাওঁবাসীয়ে এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে লকসভা নিৰ্বাচনত বোট বৰ্জন কৰাৰ বাবে ৷

ABOUT THE AUTHOR

...view details