গোলাঘাট, 31 অক্টোবৰ :কৃষাণ অধিকাৰ দিৱস উপলক্ষে খুমটাইৰ চুঙিহোলা কঠালগুৰি ব্লক কংগ্ৰেছৰ উদ্যোগত শনিবাৰে সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ উক্ত প্ৰতিবাদত প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে অংশগ্ৰহণ কৰি বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷
শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰা প্ৰতিবাদস্থলীত চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷ ইফালে,মিঞা মিউজিয়াম সম্পৰ্কত চৰকাৰে দুমুখীয়া স্থিতি লৈছে বুলি মত প্ৰকাশ কৰিছে বিস্মিতা গগৈয়ে ৷ আগন্তুক নিৰ্বাচনৰ বাবেই বিজেপি চৰকাৰে মিঞা মিউজিয়াম আৰু মাদ্ৰাছা সম্পৰ্কে দুমুখীয়া স্থিতি লৈছে বুলি মন্তব্য আগবঢ়াইছে ৷