অসম

assam

ETV Bharat / state

শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ অধিৱেশনক লৈ ব্যস্ত বিশেষ ভকত বৈষ্ণৱগৰাকী - Khagen Barua the Baishnav news

আগন্তুক ফেব্ৰুৱাৰী মাহত গোলাঘাট জিলাৰ কমাৰগাঁও বৰ-দিহিঙীয়াৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 89 সংখ্যক অধিৱেশন ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনক লৈ মাজত তিনিটা মাহ বাকী থকা অৱস্থাতে বিশেষ ব্যস্ত হৈ পৰিছে এগৰাকী ভকত বৈষ্ণৱ ৷

শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিৱেশনৰ বাবে ফুলৰ খেতি ভকত বৈষ্ণৱৰ

By

Published : Nov 10, 2019, 2:54 AM IST

গোলাঘাট, 9 নৱেম্বৰঃশ্ৰীমন্ত শংকৰদেৱ সংঘৰ 89সংখ্যক অধিৱেশনলৈ মাজত তিনিটা মাহ বাকী থকা সময়ত বিশেষভাৱে ব্যস্ত হৈ পৰিছে এগৰাকী ভকত বৈষ্ণৱ ৷ গোলাঘাট জিলাৰ কমাৰগাঁও বৰ-দিহিঙীয়াৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰত ফেব্ৰুৱাৰী মাহৰ 5, 6 আৰু 7 তাৰিখত অনুষ্ঠিত হ'ব সংঘৰ 89সংখ্যক অভিৱেশন ৷ অধিৱেশনৰ বাবে ব্যস্ত হৈ পৰা ভকত বৈষ্ণৱগৰাকী হৈছে কমাৰগাঁৱৰ তৰুণ নগৰ অঞ্চলৰ খগেন বৰুৱা ৷

লগতে পঢ়কঃ উত্তৰ-পূৱ গ্ৰন্থমেলাত বিশিষ্ট ৰোমান্টিক ঔপন্যাসিক দূৰ্জয় দত্ত

খগেন বৰুৱাই দিন-ৰাতি একাকাৰ কৰি একক প্ৰচেষ্টাৰে বিগত চাৰিমাহ ধৰি হাজাৰ হাজাৰ ফুলৰ খেতি কৰিছে ৷ ইটিভি ভাৰতৰ স্থানীয় সাংবাদিকৰ আগত ভকত বৈষ্ণৱগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, চলিত বৰ্ষৰ জুলাই মাহৰ পৰাই বৰুৱাই এইদৰে নিজৰ খেতি মাটিত ফুলৰ খেতি কৰি আহিছে ৷ সংঘৰ অধিৱেশনৰ বাবে প্ৰয়োজনীয় সকলো ফুল যোগান ধৰাৰ বাবেই নিজেই দায়িত্বগ্ৰহণ কৰি এইদৰে ফুলৰ খেতিত নামি পৰিছে বৈষ্ণৱগৰাকী ৷ নাৰ্জী, তগৰ, গোলাপ, ইন্দ্ৰমালতী আদিকে বিভিন্ন ফুলৰ খেতি কৰি সেই ফুলেৰে অধিৱেশনৰ মুল মণ্ডপৰ লগতে বাটচৰা সজাই তুলিবৰ বাবে খগেন বৰুৱাই খেতি কৰা বুলি স্থানীয় সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷

শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিৱেশনৰ বাবে ফুলৰ খেতি ভকত বৈষ্ণৱৰ

এইদৰেই সমগ্ৰ বোকাখাট, নুমলীগড় ,কমাৰগাঁও, খুমতাই অঞ্চলত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৮৯ তম অধিৱেশনক লৈ ব্যস্ত হৈ পৰিছে সকলো । 2020 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 5, 6 আৰু 7 তাৰিখত কমাৰগাঁও বৰ-দিহিঙীয়াৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব সংঘৰ 89সংখ্যক অধিৱেশন ৷

ABOUT THE AUTHOR

...view details