অসম

assam

By

Published : Jun 15, 2021, 8:48 AM IST

ETV Bharat / state

গোলাঘাটৰ উন্নয়নক লৈ ব্যস্ত অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত

গোলাঘাট জিলাৰ ভৱিষ্যতৰ মিচন প্লেন, বৰ্তমানৰ সমস্যা আৰু জিলাখনৰ উন্নয়ন সন্দৰ্ভত সোমবাৰে এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত ৷ গোলাঘাটৰ প্ৰতি মুহুৰ্তৰ খবৰৰ লগতে ক’ভিডৰ সকলো তথ্য মন্ত্ৰীগৰাকীক প্ৰত্যেকদিনা দাখিল কৰিবলে জিলাখনৰ শীৰ্ষ মহলক নিৰ্দেশ দিয়ে ৷

গোলাঘাটৰ উন্নয়নক লৈ ব্যস্ত মন্ত্ৰী কেশৱ মহন্ত
গোলাঘাটৰ উন্নয়নক লৈ ব্যস্ত মন্ত্ৰী কেশৱ মহন্ত

গোলাঘাট,15 জুন : সোমবাৰে গোলাঘাটৰ সতী সাধনী কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত মন্ত্ৰী কেশৱ মহন্ত(Keshab Mahanta)ৰ প্ৰথমখন পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হয় ৷ এই সভাত গোলাঘাট জিলাৰ ভৱিষ্যত মিচন প্লেন, বৰ্তমানৰ সমস্যা আৰু জিলাখনৰ উন্নয়ন সন্দৰ্ভত আলোচনা কৰা হয় ৷

গোলাঘাটৰ উন্নয়নক লৈ ব্যস্ত মন্ত্ৰী কেশৱ মহন্ত

গোলাঘাট জিলাৰ প্ৰতি মুহুৰ্তৰ খবৰৰ লগতে ক’ভিডৰ সকলো তথ্য প্ৰতিদিনাই জিলাখনৰ শীৰ্ষ মহলে, জিলাখনৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ জিলাখনৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান(Kaziranga National Park), পৰ্যটন ক্ষেত্ৰ(Tourism Place) সমূহ, আগৰৰ ব্যৱসায় আৰু নুমলীগড় তেল শোধনাগাৰ(Numligarh Oil Refinery)ক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷

ইফালে মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা অনুসৰি, ৰাজ্যত অসমত পৰ্যাপ্ত পৰিমাণে মজুত আছে ক’ভিড ভেকচিন(Covid Vaccine) ৷ পূৰ্বতে ক’ভাক্সিন(COVAXIN)ৰ সমস্যা আছিল যদিও বৰ্তমান এই সমস্যা দূৰ হৈছে । সম্প্ৰতি ক’ভিড ভেকচিন(Covid Vaccine)ৰ দ্বিতীয় পালি পৰ্যাপ্ত পৰিমাণে মজুত আছে ৰাজ্যত ৷ এই মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত(Health Minister Keshab Mahanta)ই ৷

লগতে পঢ়ক:বিদ্যুৎ চুৰিৰ ক্ষেত্ৰত কঠোৰ হ'ব ৰাজ্য চৰকাৰ

ABOUT THE AUTHOR

...view details