গোলাঘাট, 3 ছেপ্তেম্বৰ : গোলাঘাট জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ সৈতে পৰ্যালোচনা সভা জিলাখনৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তৰ ৷ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা সভাখনত জিলাখনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷ গোলাঘাটত ক’ভিডৰ সংক্ৰমণ আৰু মৃত্যুৰ হাৰ অন্য জিলাতকৈ বেছি হৈ থকাৰ বাবে উদ্বিগ্ন স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত । গুৱাহাটী মেট্ৰ'ৰ পিছতে সৰ্বাধিক লোক ক’ভিডত আক্ৰান্ত হৈছে জিলাখনত ৷
জিলাখনত অধিক সংক্ৰমণ হোৱা ঠাইক মাইক্ৰ’কন্টেইনমেন্ট জ’ন কৰা হ’ব বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ গোলাঘাটত বৰ্তমান মজুত আছে 1 লাখ 33 হাজাৰ ভেকচিন । জিলাখনত 18 বছৰৰ ওপৰৰ 8 লাখ 18 হাজাৰ লোকৰ ভিতৰত প্ৰায় 2 লাখ 50 হাজাৰ লোকক ভেকচিন দিবলৈ বাকী আছে । গোলাঘাট জিলাখনত ভোটাৰ তালিকাৰ ভিত্তিত প্ৰতিটো ভোট কেন্দ্ৰত ভেকচিন প্ৰদান কৰা হ’ব বুলিও জনায় স্বাস্থ্যমন্ত্ৰীয়ে ।