গোলাঘাট, 19 অক্টোবৰ : 21 অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । সিদিনা দিনৰ 11 বজাত ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । বানপানীৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বাট-পথ বিধস্ত হৈ পৰাৰ বাবে 21 অক্টোবৰৰ পৰা কঁহৰা আৰু বাগৰি ৰেঞ্জ মুকলি কৰা হ'ব । নৱেম্বৰ মাহৰ পৰা সম্পূৰ্ণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰা হ'ব বুলি জানিব দিয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক পি শিৱকুমাৰে ।
21 অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান - বিদেশী পৰ্যটক
ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশৰ পূৰ্বে কভিড প্ৰ'ট'কল সম্পূৰ্ণ ভাৱে মানি চলিব লাগিব পৰ্যটকে । 21 তাৰিখৰ পৰা আৰম্ভ কৰা হ'ব জীপ চাফাৰী । প্ৰতিখন জীপ চাফাৰিত চাৰিজন পৰ্যটকহে উঠাৰ অনুমতি থাকিব ।
ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশৰ পূৰ্বে কভিড প্ৰ'ট'কল সম্পূৰ্ণ ভাৱে মানি চলিব লাগিব পৰ্যটকে । 21 তাৰিখৰ পৰা আৰম্ভ কৰা হ'ব জীপ চাফাৰী । প্ৰতিখন জীপ চাফাৰীত চাৰিজন পৰ্যটকহে উঠাৰ অনুমতি থাকিব । আনহাতে 1 নৱেম্বৰৰ পৰা মুকলি কৰা হ'ব হাতী চাফাৰী । বৰ্তমান দেশৰ পৰ্যটকহে যোগাযোগ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগত । কৰ'ণা সংক্ৰমণৰ বাবে এইবাৰ বিদেশী পৰ্যটকে আগতীয়াকৈ যোগাযোগ নকৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক পি শিৱকুমাৰে পৰ্যটকক নিসংকোচভাৱে কাজিৰঙা পৰিভ্ৰমণ কৰিবলৈ আহ্বান জনাইছে ।
লগতে পঢ়ক: কৃষি বিভাগৰ খেতি কৰি বিপদত ধেমাজিৰ খেতিয়ক