অসম

assam

ETV Bharat / state

পৰ্যটকৰ বাবে মুকলি হ'ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

বুধবাৰে সুদীৰ্ঘ প্ৰায় 8 মাহৰ অন্তত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰি দিয়া হ'ল পৰ্যটকৰ বাবে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে মুকলি কৰিলে উদ্য়ানখন ৷

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

By

Published : Oct 21, 2020, 10:29 PM IST

গোলাঘাট, 21 অক্টোবৰ: সুদীৰ্ঘ প্ৰায় 8 মাহৰ অন্তত বুধবাৰে পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ'ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ মুল প্ৰৱেশদ্বাৰ মিহিমুখত ২০২০-২১ পৰ্যটন বৰ্ষৰ বাবে উদ্যানখন আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ দ্বাৰ মুকলিৰ পাচতেই জীপ ছাফাৰীৰে কহঁৰা বনাঞ্চলৰ কাঠপৰা ভিউ পইন্টলৈকে ভ্ৰমণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য সম্পূৰ্ণ COVID প্ৰট'কল ৰক্ষা কৰি পৰ্যটকে উপভোগ কৰিব পাৰিব কাজিৰঙাৰ মনোমোহা দৃশ্য ৷ সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে দেশ-বিদেশৰ সকলো পৰ্যটককে কাজিৰঙা পৰিভ্ৰমণৰ বাবে আহ্বান জনায় ৷

পৰ্যটকৰ বাবে মুকলি হ'ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙা ভ্ৰমণৰ সময়ত প্ৰতিজন পৰ্যটকে মাস্ক পৰিধান কৰাৰ লগতে মানি চলিব লাগিব সামাজিক দুৰত্ব ৷ উদ্যানত প্ৰৱেশ কৰা প্ৰতিখন জীপছীৰ টায়াৰ চেনিটাইজ কৰাৰ ব্যৱস্থা ৰখাৰ লগতে দহ বছৰৰ তলৰ আৰু ৬৫ বছৰৰ উৰ্ধৰ পৰ্যটকৰ প্ৰৱেশ উদ্যানত নিষিদ্ধ কৰিছে কাজিৰঙা কৰ্তৃপক্ষই ৷ সমান্তৰালকৈ প্ৰতিজন পৰ্যটকে উদ্যানৰ মূল প্ৰৱেশদ্বাৰত শৰীৰৰ উষ্ণতা পৰীক্ষা কৰাব লাগিব ৷ শৰীৰৰ উষ্ণতা অধিক হ'লে ব্যক্তজনক লৈ যোৱা হ'ব কহঁৰা বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়লৈ ৷ বৰ্তমান কহঁৰা আৰু বাগৰি বনাঞ্চলতহে পৰ্যটকে কৰিব পাৰিব জীপ ছাফাৰী ৷ আনহাতে ১ নবেম্বৰৰ পৰাহে কাজিৰঙাত পৰ্যটকে কৰিব পাৰিব হাতী ছাফাৰী ৷ কহঁৰা বনাঞ্চলৰ মিহিমুখত আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ দ্বাৰ মুকলি কৰি কাথপাৰালৈকে উদ্যান পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে ৷ মুকলি অনুষ্ঠানত উপস্থিত থাকে উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কৃষি মন্ত্ৰী অতুল বৰা আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ লগতে বিধায়ক ঋতুপৰ্ণ বৰুৱা, মুখ্য বন সংৰক্ষক এম.কে যাদৱ, কাজিৰঙাৰ সঞ্চালক পেৰিয়া স্বামী শিৱকুমাৰৰ আৰু বন বিভাগৰ কেইবাগৰাকীও বিষয়া ৷

বিগত বানৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ বহু এলেকা বৰ্তমানেও পানীৰ তলত থকাত কেৱল কহঁৰা বনাঞ্চলৰ মিহিমুখৰ পৰা ভৈচামাৰী আৰু বাগৰি বনাঞ্চলৰ ডোঙালৈকেহে পৰ্যটকে জীপ ছাফাৰী কৰিব পাৰিব ৷ বৰ্তমান বন বিভাগে কাজিৰঙাৰ অন্তৰ্ভাগৰ বাট-পথসমূহৰ মেৰামতি অব্যাহত ৰাখিছে ৷ আনহাতে বূঢ়াপাহাৰ আৰু অগৰাতলি বনাঞ্চল কেতিয়াকৈ মুকলি হ'ব এতিয়াও নিশ্চিত কৰা নাই উদ্যান কৃতপক্ষই ৷

লগতে পঢ়ক:তিনি দশকৰ অন্তত মুকলি হ’ব এখন ওলমা দলং

ABOUT THE AUTHOR

...view details