অসম

assam

কাজিৰঙা নিউজ নেটৱৰ্কৰ বঁটা প্ৰদান অনুষ্ঠান

By

Published : Feb 3, 2019, 7:58 PM IST

শিক্ষা, সাহিত্য, সংস্কৃতি, সংবাদ আদি মুঠ ছটাকৈ বঁটা প্ৰদান কৰা হয়

কাজিৰঙা নিউজ নেটৱৰ্কৰ বঁটা প্ৰদান অনুষ্ঠান

গোলাঘাট,৩ ফেব্ৰুৱাৰীঃ গোলাঘাটৰ অন্যতম সামাজিক সংগঠন কাজিৰঙা নিউজ নেটৱৰ্কে বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা কেইবাজনো বিশিষ্ট লোকক বঁটা প্ৰদান কৰে। এই অনুষ্ঠানত শিক্ষা, সাহিত্য, সংস্কৃতি, সংবাদ আদি মুঠ ছটা ক্ষেত্ৰত বঁটা প্ৰদান কৰাৰ লগতে এখন অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয়।

কাজিৰঙা নিউজ নেটৱৰ্কৰ বঁটা প্ৰদান অনুষ্ঠান

কাজিৰঙা নিউজ নেটৱৰ্ক, ২০১৮ বৰ্ষৰ বানেশ্বৰ মহন্ত সোঁৱৰণী গোলাঘাট জিলাৰ শ্ৰেষ্ঠ সাংবাদিক বঁটা প্ৰদান কৰে প্ৰবীন সাংবাদিক ৰোহিত গগৈক। নবীন সাংস্কৃতিক বঁটা লাভ কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা থেচপিয়ানৰ সচিব মুখ্যধৰ দাসে। ইয়াৰোপৰি দুটাকৈ শৈক্ষিক বঁটা আৰু সাহিত্য বঁটাও প্ৰদান কৰা হয়।

ABOUT THE AUTHOR

...view details