অসম

assam

ETV Bharat / state

16 মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ কাজিৰঙা দৰ্শন - বোকাখা

বানপানীৰ সমস্যা, বিধ্বস্ত ৰাস্তা আদি সমস্যাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হয়

16 মে’ত বন্ধ হব পয্যটকৰ বাবে কাজিৰঙা দৰ্শন

By

Published : May 11, 2019, 9:58 PM IST

বোকাখাত, 11 মে’: বন্ধ হব দৰ্শনাৰ্থীৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । শনিবাৰে বোকাখাত স্থিত আঞ্চলিক বন বিষয়াৰ দ্বাৰা স্বাক্ষৰিত এক জাননী যোগে এই কথা অৱগত কৰা হয় । সেই অনুসৰি অহা 16 মে’ৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পয্যটকৰ বাবে প্ৰৱেশ নিষিদ্ধ কৰা হৈছে । বানপানী সমস্যা, অনুপযোগী ৰাস্তা আদি সমস্যাৰ বাবে এই পদক্ষেপ লোৱা হয় । যোৱাতো বৰ্ষৰ তুলনাত এই বৰ্ষত পয্যটকৰ সংখ্যা আৰু ৰাজহৰ পৰিমাণ হ্ৰাস পোৱা বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে প্ৰকাশ কৰে ।

লগতে পঢ়ক: চিকিৎসক নাই !! ধেমাজি অসামৰিক চিকিৎসালয়ত ৰোগীৰ হাহাকাৰ

উল্লেখ্যযে, যোৱা এক মে’ৰ পৰা এলিফেণ্ট চাফাৰী সম্পূৰ্ণ বন্ধ কৰা হৈছিল যদিও জিপ চাফাৰী যোগে পয্যটক সকলৰ বাবে কাজিৰঙা দৰ্শন অব্যাহত আছিল ।

ABOUT THE AUTHOR

...view details